নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহায়কাৰীৰ সৈতে সম্পর্ক

আপুনি বাৰু বিশেষ কাৰণত নিজৰ পুত্র–বোৱাৰী বা আত্মীয়–স্বজনৰ পৰা দূৰৈত থাকিব লগা হৈছে নেকি? চাকৰিসূত্রে বহুতৰে পুত্র–বোৱাৰী দূৰৈত থাকিবলগীয়া হয়৷ তেনেক্ষেত্রত তেওঁলোকে পিতৃ–মাতৃক চাবলৈ সহায়কাৰী ৰাখে৷ কিন্তু বহুতৰে সহায়কাৰীৰ লগত সম্পর্ক মধুৰ নোহোৱা বাবে সমস্যাৰ উদ্ভৱ হয়৷ যিহেতু আত্মীয়ৰ পৰা আপুনি আঁতৰি আছে, সেয়েহে সহায়কাৰীৰ সৈতে মিলিবলৈ চেষ্টা কৰাটো আপোনাৰ পক্ষে অতি দৰকাৰী৷ আপুনি তেওঁলোকৰ লগত এটা সুন্দৰ সম্পর্ক গঢ়িবলৈ চেষ্টা কৰিব৷ আত্মীয়ৰ পৰা দূৰৈত থাকি মনত সৃষ্টি হোৱা অসহায় অৱস্থাৰ পৰা আপুনি মুক্তি পাব আৰু সহায়কাৰীৰ সৈতে আনন্দৰে সময়বোৰ পাৰ কৰিব পাৰিব৷ নিজৰ পৰিয়ালৰ সদস্য কর্তব্যৰ খাতিৰত বাহিৰত থাকিলেও আপুনি সহায়কাৰীৰ লগত কেনেদৰে সময় কটাই আছে, তাকে লৈ তেওঁলোক চিন্তিত হৈ থাকে৷ আত্মীয়ৰ অনুপস্থিতিত বৃত্তিগত সহায়কাৰীসকলে আপোনাক চোৱা–চিতা কৰিব৷ কিন্তু তেওঁলোকৰ লগত বহু সময় কটোৱাটো বৰ সহজ কথা নহয়৷ ইয়াৰ বাবে আপুনি নিজেই তেওঁলোকৰ সৈতে সুন্দৰ সম্পর্ক স্থাপন কৰক৷

আপোনাৰ বাবে সেই ব্যক্তিজন সম্পূর্ণ অচিনাকি আৰু তেওঁক আপোনাৰ লগত ৰখাৰ সিদ্ধান্ত লোৱাটো এটা ডাঙৰ পদক্ষেপ৷ গতিকে কিছুমান কথা আপুনি মনত ৰখা উচিত৷
তেওঁলোকৰ সহায়ত বাহিৰলৈ যাবঃ আপুনি যিহেতু এজন জ্যেষ্ঠ ব্যক্তি, সেয়েহে এইটো স্বাভাৱিক যে আপুনি বাহিৰলৈ অকলে যাবলৈ কুণ্ঠাবোধ কৰে৷ ইয়াৰ কাৰণ হয়তো এইটোৱে যে আপোনাৰ শাৰীৰিক সমস্যা বা আত্মবিশ্বাসৰ অভাৱ ঘটিব পাৰে৷ এনেক্ষেত্রত আপুনি সহায়কাৰীৰ সৈতে বাহিৰলৈ যাব পাৰে৷ আপুনি দুপৰীয়াৰ আহাৰ কৰিবলৈ বা চিনেমা চাবলৈ তেওঁৰ লগত যাব পাৰে৷ এনে কৰিলে দুয়োৰে মাজত এক সু–সম্পর্কই দেখা দিব৷ আপুনি তেওঁৰ লগত নিজৰ ডেকা বয়সৰ কথাবোৰ ভাগ–বাটোৱাৰা কৰিব পাৰে৷
তেওঁৰ লগত খেলিবঃ যদি আপুনি ডিমেনচিয়াৰ দৰে ৰোগত আক্রান্ত, তেন্তে আপোনাক নিশ্চয় চিকিৎসকে কার্ড বা কেৰম আদি খেলাৰ পৰামর্শ দিছে৷ আপোনাক সহায় কৰিবলৈ অহা সহায়কাৰীজনে নিশ্চয়কৈ আপোনাৰ শাৰীৰিক সমস্যাৰ কথা জানে৷ গতিকে তেওঁলোকক লগত লৈ আপুনি খেলিব৷ এনে কৰাৰ ফলত খেলাৰ পৰা পোৱা আনন্দই আপোনালোক দুয়োজনৰে সম্পর্কও ভাল কৰিব৷
কথা পাতিবঃ সহায়কাৰীৰ লগত সম্পর্ক স্থাপনৰ এটা অতি উত্তম উপায় হ’ল তেওঁৰ লগত কথাৰ বিনিময় কৰা৷ নিজৰ কাহিনীবোৰ সহায়কাৰীক ক’ব৷ তেনেক্ষেত্রত নিজৰ ডেকা বয়সৰ কথাবোৰ ক’ব৷ আপোনাৰ আৰু তেওঁৰ সময়ৰ মাজত যথেষ্ট পার্থক্য থাকিবই৷ আপোনাৰ যদি ভ্রমণৰ অভিজ্ঞতা হৈছে, তেন্তে তেওঁৰ আগত বর্ণনা কৰিব৷ আপুনি যদি আনধৰণৰ কামত ব্যস্ত আছিল, তেন্তে সেয়াও ক’ব৷ তেওঁলোকক এনেদৰে আপোনাৰ কথাত অংশগ্রহণ কৰাব যাতে তেওঁলোকেও নিজৰ কথাবোৰ আপোনাৰ লগত আলোচনা কৰাৰ সুযোগ পায়৷
প্রকৃতিৰ লগত সময় কটাবঃ যদি আপুনি প্রকৃতিক ভাল পায় আৰু খোজকাঢ়িব পৰা হৈ আছে, তেন্তে সহায়কাৰীৰ লগত খোজকাঢ়িব৷ তেওঁক এটা বনভোজৰ আয়োজন কৰিবলৈও ক’ব পাৰে৷ এনেদৰে নিজৰ পৰিয়ালৰ মৰমৰ পৰা আঁতৰি থাকিও আপুনি নিজক সতেজ কৰি ৰাখিব পাৰিব৷ এনে পদক্ষেপৰ দ্বাৰা সহায়কাৰীজনে আপোনাক ভালদৰে বুজি পাব আৰু দুয়োৰে ঘনিষ্ঠতা বাঢ়িব৷
– জি এছ ফিচার্ছ

You might also like