নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ কি ধৰণে অন্ত পৰিব?

ডাঃ গীতার্থ ৰায়মেধি

গোটেই পৃথিৱীতে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ক’ৰোনাৰ প্রাদুর্ভাৱে৷ সকলোৰে মনত এটাই কথা যে কি ধৰণে অন্ত পৰিব এই প্রাদুর্ভাৱৰ৷ আচলতে এজন সাধাৰণ মানুহে বিচাৰে কি? প্রাদুর্ভাৱৰ অন্তৰ কথা কৈ আমি আচলতে কি বুজাব বিচাৰোঁ কোনোবাদিনা ক’ৰোনাৰ প্রাদুর্ভাৱ সঁচাকৈ অন্ত পৰিবনে? গোটেই পৃথিৱীৰ লগতে আজি প্রতিজন অসমবাসীয়ে ক’ৰোনাৰ প্রাদুর্ভাৱৰ অন্তৰ সন্ধানত ঈশ্বৰক প্রার্থনা কৰি আছে৷

যিকোনো বেমাৰৰ প্রাদুর্ভাৱৰ অন্ত দুই ধৰণে কৰিব পাৰি৷ হয় চিকিৎসকৰ অন্ত, নহয় সামাজিক অন্ত৷ যেতিয়া কোনো এটা বীজাণুৱে বিয়পোৱা বেমাৰ এটাৰ চিকিৎসা, ঔষধ বা ভেকচিন বিজ্ঞানৰ মাধ্যমেৰে বিচাৰি উলিওৱা যায় আৰু এই চিকিৎসা প্রণালীমতে যদি বীজাণুটোৰ প্রাদুর্ভাৱৰ সময়ত হোৱা সমস্যাবোৰ কমি আহে, তেতিয়া সেই বীজাণুটোৰ প্রাদুর্ভাৱৰ অন্ত হোৱা বুলি ধৰা হয়৷ আনহাতে যেতিয়া এটা বীজাণুৰ প্রাদুর্ভাৱ হোৱা সত্ত্বেও সাধাৰণ মানুহবোৰে সামাজিকভাৱে জীয়াই থাকিবলৈ কুণ্ঠাবোধ নকৰে আৰু কোনো চিকিৎসাৰ সমাধান নোহোৱাকৈ আগৰ দৰে সাধাৰণ জীৱনলৈ ঘূৰি আহে, তেতিয়া এটা সামাজিক প্রাদুর্ভাৱৰ অন্ত হোৱা বুলি ধৰা হয়৷ সেয়েহে এজন সাধাৰণ মানুহে যেতিয়া বীজাণু এটাৰ অন্ত হোৱাটো বিচাৰে, তেতিয়া তেওঁ সমস্যাটোৰ সামাজিক অন্ত হোৱা কথাটোৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যায়৷

ক’ৰোনাৰ প্রাদুর্ভাৱৰ বাবে কোনো দোষী নহয়৷ কিন্তু ক’ৰোনাৰ প্রাদুর্ভাৱৰ বাবে যি চলি আছে তাৰ বাবে প্রত্যেকজন মানুহেই ভুক্তভোগী৷ সকলো মানুহেই নিজৰ সাধাৰণ জীৱন ধাৰণ প্রক্রিয়ালৈ ঘূৰি আহি মুকলি আকাশৰ তলত মুক্তভাৱে উশাহ ল’ব বিচাৰে৷ কিন্তু মানুহ নিৰুপায়, বহুতেই নিজৰ কাম হেৰুৱাব লগা হৈছে, কাৰোবাৰ বেপাৰ–বাণিজ্যত ক্ষতি হৈছে, নিত্য ব্যৱহার্য বস্তুৰ অভাৱ ঘটিছে, ফলস্বৰূপে বজাৰত বস্তুৰ মূল্যবৃদ্ধি হৈছে৷ বহুতো কর্মচাৰীয়ে নিজৰ দৰমহা সময়মতে পোৱা নাই, স্কুল–কলেজ বন্ধ হৈ থকাৰ কাৰণে ছাত্র–ছাত্রীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ ক’ৰোনাৰ প্রাদুর্ভাৱৰ অন্তৰ পৰিৱর্তে সাধাৰণ মানুহে নিজৰ জীৱনটো গঢ়ি তোলাৰ বাবে যুঁজ দিব লাগিব৷ যদিও চিকিৎসক আৰু বিজ্ঞানীসকলে দিনে–ৰাতিয়ে কষ্ট কৰি সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি আছে, তথাপি কিন্তু জনসাধাৰণে অসহায় অনুভৱ কৰি সামাজিক অন্তৰহে সমর্থন কৰি আছে৷

পৃথিৱীৰ বুৰঞ্জী মতে এনেকুৱা বহুতো বেমাৰৰ বীজাণুৰ প্রাদুর্ভাৱ সামাজিক ৰূপত অন্ত হৈছিল৷ মানুহে যেতিয়া সামাজিক জীৱনলৈ ঘূৰি আহিব আৰু নিজৰ কামত ব্যস্ত হৈ পৰিব, তেতিয়া তেওঁলোকে এই বীজাণুৰ প্রাদুর্ভাৱৰ কথা পাহৰি যাব৷ জীৱনৰ এই যুঁজত প্রাদুর্ভাৱৰ লগতে থাকিবলৈ মান্তি হ’ব, কিন্তু এনেকুৱা এটা অন্ত ক’ৰোনাৰ প্রাদুর্ভাৱৰ সময়ত উচিত অন্ত বুলি মানি ল’ব নোৱাৰি৷ সেয়ে মানুহে নিজৰ সামাজিক জীৱনলৈ ঘূৰি আহিলেও নিজৰ সুৰক্ষাৰ নিয়মবোৰ মানি চলাটো প্রয়োজন হ’ব, যেতিয়ালৈকে চিকিৎসা বিজ্ঞানে এই বীজাণুৰ প্রাদুর্ভাৱ নাশ কৰাৰ এটা সঠিক পথ বিচাৰি উলিয়াব নোৱাৰে৷

You might also like