নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজত ইউৰিক এচিড বৃদ্ধি আৰু আয়ুর্বেদিক চিকিৎসা

আপোনাৰ বাৰু ভৰিৰ বুঢ়া আঙুলিত হঠাতে বিষ অনুভৱ হৈছে নেকি? ইয়াৰ উপৰি বিষ হোৱা স্থানত যদি ৰঙা পৰিছে বা গৰম হৈছে, তেন্তে সাৱধান হোৱা উচিত৷
এয়া ‘গাউট’ নামৰ একপ্রকাৰ আথ্রাইটিছ অর্থাৎ গাঁঠিৰ ৰোগ, য’ত গাঁঠিৰ বিষ হোৱাৰ লগতে গাঁঠি ফুলি উঠে৷ তেজত ইউৰিক এচিড বাঢ়ি গৈ তাৰ দানাবোৰ ভৰি বা হাতৰ গাঁঠিবোৰত জমা হৈ বিষ কৰা অৱস্থাটোকে গাউট নামেৰে জনা যায়৷ শকত মানুহৰ এই ৰোগ বেছিকৈ হয়৷
আয়ুর্বেদত গাউটক বাতৰক্ত নামেৰে জনা যায়৷ ইয়াক বাতশোণিত, আঢ়্যবাত, বাতবলাস, খুডবাত আদি নামেৰেও জনা যায়৷

তেজত ইউৰিক এচিড বৃদ্ধিৰ কাৰণসমূহ–

  • অত্যধিক প্র’টিনযুক্ত আহাৰ গ্রহণ কৰা৷
  •  মদ, মাংস আদিৰ অত্যধিক সেৱন৷
  • অসন্তুলিত আহাৰ–বিহাৰ
  • ব্যায়াম আৰু পৰিশ্রমৰ অভাৱ৷
  • মেদবহুলতা৷
  • অত্যধিক শোক, চিন্তা, খং, উদ্বেগ ইত্যাদি মানসিক কাৰণ৷
  • অত্যধিক তীক্ষ্ণ, মচলাযুক্ত, টেঙাজাতীয় খাদ্য সেৱন৷
  • কেতিয়াবা কিডনীৰ সমস্যাৰ বাবে কিডনীয়ে বাহিৰলৈ উলিয়াই দিব লগা ইউৰিক এচিড উলিয়াই দিবলৈ অক্ষম হয়৷ ফলত শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি পায়৷

ইউৰিক এচিড বৃদ্ধিৰ লক্ষণসমূহ–

  •  হঠাতে গাঁঠিবোৰত বিষ আৰম্ভ হোৱা৷
  • গাঁঠি ফুলি উঠা৷
  • আক্রান্ত স্থানত গৰম অনুভৱ৷
  •  আক্রান্ত স্থান ৰঙা পৰা৷
  • আক্রান্ত স্থানত স্পর্শ কৰিলে অত্যধিক বিষ হোৱা৷
  •  জ্বৰ উঠা ইত্যাদি৷

কেনেকৈ আমাৰ শৰীৰত ইউৰিক এচিড বৃদ্ধি পায়–

অত্যধিক প্র’টিনযুক্ত খাদ্য যেনে– বিভিন্ন প্রকাৰৰ ৰেড মীট, চয়াবিন, ৰেড ৱাইন, প্রচেছড চীজ, ৰাজমা, মাছৰুম, মচুৰ দালি, বিলাহী, পালেং, ফুলকবি ইত্যাদি সেৱনৰ ফলত তেজত যেতিয়া ইউৰিক এচিড আৰু ছডিয়াম ইউৰেটছৰ মাত্রা বৃদ্ধি পায়, তেতিয়া ইউৰিক এচিডৰ ক্রিষ্টেলসমূহ গাঁঠিৰ খালী স্থানবোৰত জমা হ’বলৈ ধৰে৷ ইউৰিক এচিড অত্যধিক বৃদ্ধিৰ ফলত গাঁঠিবোৰ ফুলি উঠে, গৰম হয়, জলা–পোৰা হোৱাৰ লগতে বিষ হ’বলৈ লয়৷
ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা গাউটৰ আৰম্ভণি মুখ্য ৰূপত সৰু গাঁঠিবোৰ বিশেষকৈ ভৰিৰ বুঢ়া আঙুলিত হয়৷ গাঁঠিৰ ভিতৰত থকা ছাইন’ভিয়েল ফ্লুইড’ত ইউৰিক এচিডৰ ক্রিষ্টেলসমূহ জমা হোৱাৰ ফলত ফুলি উঠে৷ ভৰিৰ বুঢ়া আঙুলিৰ পৰা এই ৰোগ লাগে লাগে আঁঠু, কিলাকুটি, হাতৰ আঙুলি আদিত বিয়পি পৰে৷
গাউটৰ ডায়েগ্ণ’ছিছ–

  • ব্লাড টেষ্টৰ জৰিয়তে তেজত ইউৰিক এচিডৰ পৰিমাণ জোখা হয়৷
  • এ’ৰে৷
    গাউটৰ পৰা পৰিত্রাণ পোৱাৰ উপায়–
  • অত্যধিক প্র’টিনযুক্ত আহাৰ সেৱন নকৰিব৷
  • সকলো ধৰণৰ তীক্ষ্ণ, মচলাযুক্ত, টেঙাজাতীয়, চর্বিযুক্ত খাদ্য পৰিহাৰ কৰক৷
  • ৰেড মীট, মদ, ধূমপানৰ পৰা বিৰত থাকক৷
  • অত্যধিক নিমখ নাখাব৷
  •  গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী খাদ্য যেনে– দৈ, পনীৰ ইত্যাদি বর্জন কৰক৷
  • ঠাণ্ডা পৰিৱেশৰ পৰা আঁতৰত থাকক৷
  • নহৰু, আদা, জিৰা, ধনিয়া, চফ, ইলাচী, ডালচেনি ব্যৱহাৰ কৰক৷
  • ওজন নিয়ন্ত্রণৰ বাবে সন্তুলিত আহাৰ গ্রহণ কৰাৰ লগতে ব্যায়াম কৰক৷

আয়ুর্বেদত গাউটৰ চিকিৎসা–

আয়ুর্বেদত এই ৰোগৰ বাবে বিভিন্ন ঔষধিৰ লগতে পঞ্চকর্মৰ চিকিৎসা উল্লেখ কৰা হৈছে৷ পঞ্চকর্মৰ জৰিয়তে শৰীৰৰ শুদ্ধিকৰণ কৰা হয়৷ গাউটৰ বাবে উল্লিখিত ঔষধিসমূহ হৈছে– কৈশোৰ গুগ্গুলু, বাতৰক্তান্তক ৰস, গুডুচী সত্ত্ব, মহাবাতবিধ্বংস ৰস, মঞ্জিষ্ঠাদি ক্কাথ, সাৰিবাদ্যাৰিষ্ট ইত্যাদি৷ ইয়াৰ উপৰি সৈন্ধাবাদি তেল, মহাবিষগর্ভ তেল ইত্যাদি আক্রান্ত স্থানত মালিচ কৰিবলৈ দিয়া হয়৷

ডাঃ বিজিতা চুতীয়া, বি এ এম এছ, এম ডি
চিকিৎসা বিষয়া
(আয়ুর্বেদিক) জোনাই খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্র
ফোন-৯৭০৭২–৮৪১০০

You might also like