নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলা খাওক

কমলা এনেয়ে সোৱাদযুক্ত৷ সোৱাদৰ উপৰি ইয়াৰ আছে আন এক বিশেষ গুণ৷ কমলাত থকা ভিটামিন ‘চি’য়ে ছালক পুষ্টিৰ যোগান ধৰে৷ ছালৰ কোষবোৰ নষ্ট হোৱাত বাধা দিয়ে৷ ছালক বলিৰেখাৰ হাতোৰাৰ পৰা নিৰাপদে ৰাখে৷ সর্বোপৰি ছালত হ’ব পৰা মাৰাত্মক কেঞ্চাৰৰ পৰাও সুৰক্ষা দিয়ে৷ ইটালীৰ এদল গৱেষকে প্রমাণ কৰিছে যে ভিটামিন ‘চি’ টেবলেট বা অন্যান্য ছাপ্লিমেণ্টৰ ৰূপত গ্রহণ কৰাতকৈ কমলাৰ পৰা পোনপটীয়াকৈ দেহে পোৱা ভিটামিন ‘চি’য়ে ছালৰ কোষসমূহক অধিক সুৰক্ষা দিয়ে আৰু নষ্ট নোহোৱাকৈ ৰাখে৷ সেয়ে কমলা খাওক, মুখৰ জুতিৰ লগতে লাভ কৰক মসৃণ ত্বক৷

You might also like