নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজন নিয়ন্ত্রণ কৰিবলৈ কি কৰিব

শৰীৰ শকত হৈ যেতিয়া চর্বিৰ পৰিমাণ বাঢ়ি যাব, তেতিয়া আপুনি এই কথাত নিশ্চিত হ’ব যে আপোনাৰ শৰীৰত ৰোগৰ পৰিমাণো বৃদ্ধি হৈছে৷ শৰীৰৰ ওজনক লৈ আজিকালি বেছিভাগ মানুহেই সচেতন৷ তেওঁলোকে অতিৰিক্ত ওজন কমোৱাৰ আটাইতকৈ সহজ পন্থাটো গ্রহণ কৰে, অর্থাৎ লঘোনে থকা৷ এইক্ষেত্রত যুৱতীসকলৰ আগ্রহ একেবাৰে বেছি৷ অৱশ্যে কিছুমান আনুষংগিক কাৰণে তেওঁলোকৰ এই প্রৱণতাক উৎসাহ দিছে৷ নামী–দামী প্রায়বোৰ কোম্পানীৰ মডেলসকলৰ চেহেৰা হাডে–ছালে লগা৷ যিসকলৰ ডিঙিৰ হাড সুস্পষ্ট, তেওঁলোকহে ভাল মডেল হিচাপে চিহ্ণিত হয়৷ সেয়ে ফেশ্বন শ্ব’ থাকিলে তেওঁলোকে খোৱা–লোৱা সম্পূর্ণ বাদ দিয়ে৷ অলপতে মুম্বাইত হোৱা এটা ফেশ্বন শ্ব’ৰ পিছত কেইবাগৰাকী প্রতিষ্ঠিত মডেল হাস্পতালত ভর্তি হ’ব লগা হৈছিল৷ চিকিৎসকৰ মতে খীণাবৰ বাবে কেইবাদিনো উপবাসে থকাৰ বাবেই তেওঁলোকৰ শৰীৰৰ এই দুৰৱস্থা হৈছিল বুলি সদৰী কৰিছে৷ চিকিৎসকৰ মতে পুষ্টি গুণেৰে ভৰা খাদ্য খোৱাটো আমাৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় কথা৷ এইক্ষেত্রত ভাৰতীয় খাদ্য বিশেষজ্ঞ দীপা টমাছে কেইটামান নিয়ম উল্লেখ কৰিছে৷
* তেলত ভাজি খাবৰ বাবে সদায় ননষ্টিক বাচন ব্যৱহাৰ কৰক৷
* পৰাপক্ষত দিনটোৰ খাদ্যৰ ৭৫ শতাংশই সিজোৱা বা সেকা খাব পাৰিলে অতি ভাল৷
* চেনি খোৱাটো বন্ধ কৰক৷
* দুপৰীয়া আৰু ৰাতিৰ আহাৰ কেতিয়াও নোখোৱাকৈ নাথাকিব৷
* খাবৰ সময়ত এখন সৰু থালত আহাৰ খাব লাগে, যাতে কম পৰিমাণতে থালখন ভৰি থাকে৷ থালখনৰ চাৰিওকাষ এনেদৰে সজাব লাগে যাতে দেখিলেই মন ভৰি পৰে৷
* সম্পূর্ণ পেট ভৰাই আহাৰ নাখাব৷ শৰীৰত বেছি ষ্ট্রেছ নিদিব৷
* দৈনন্দিন কাম–কাজৰ লগত আপোনাৰ ওজন ল’বলৈ নাপাহৰিব৷
* প্রতিদিনে আইনাৰ সন্মুখত থিয় হওক আৰু নিজকে ভালদৰে
নিৰীক্ষণ কৰি প্রশংসা কৰক৷ এনেদৰে এমাহ কৰি চাওকচোন, আপুনি দেখাত বহুত ধুনীয়া হোৱাৰ লগতে শৰীৰৰ বহু ৰোগো নোহোৱা হ’ব৷

You might also like