নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা ১৫৭ পুৰাকীর্তি লৈ উভতিল প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ চাৰিদিনীয়া ভ্রমণ সামৰি দেওবাৰে পুৱা নতুন দিল্লীত উপস্থিত হোৱা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লগত লৈ আহিল দেশখনে উপহাৰ হিচাপে আগবঢ়োৱা ১৫৭ প্রত্নসম্পদ–পুৰাকী৷ আমেৰিকাৰ পৰা ভাৰতীয় সভ্যতা–সংস্কৃতিৰ স্মৃতি বিজড়িত ১৫৭ পুৰাকীর্তি লৈ স্বদেশলৈ উভতি আহিল প্রধানমন্ত্রী মোদী৷

আমেৰিকা ভ্রমণৰ সময়ত দেশখনে প্রধানমন্ত্রীলৈ আগবঢ়োৱা ১৫৭ পুৰাকীর্তিৰ ভিতৰত সাংস্কৃতিক আৰু ধর্মীয়৷ ইয়াৰ ভিতৰত ৭১টা সাংস্কৃতিক পুৰাকীর্তি৷ হিন্দু ধর্মৰ ৬০, বৌদ্ধ ধর্মৰ ১৬ আৰু জৈন ধর্মৰ ৯টা পুৰাকীর্তি আছে৷ উল্লেখ্য যে আমেৰিকা চৰকাৰে প্রধানমন্ত্রী মোদীক এই সম্পদখিনি আগবঢ়োৱাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পুৰাকীর্তি উপহাৰ দিয়াৰ বাবে প্রশংসা কৰে৷ গুৰুত্বপূর্ণ যে ১৯৭৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত বিভিন্ন দেশৰ পৰা ভাৰতে মাত্র ১৩টা পুৰাকীর্তিহে উপহাৰ হিচাপে লাভ কৰিছিল৷

You might also like