নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতকালৰ শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ মানুহৰে ছাল শুকাবলৈ আৰম্ভ কৰে। ছালৰ আৰ্দ্ৰতা ক’ৰবাত হেৰাই যায় আৰু ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ছালৰ লগতে আমাৰ ওঁঠো ফাটিবলৈ আৰম্ভ কৰে। কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে ওঁঠৰ পৰাও তেজ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আমি আমাৰ ছালখনক লৈ চিন্তা কৰাটো অতি প্ৰয়োজনীয় যাতে ই সদায় ধুনীয়া আৰু কমবয়সীয়া যেন হৈ থাকে। সেয়েহে গ্লিছাৰিণ ব্যৱহাৰ কৰিব লাগে।

গ্লিছাৰিণ কেনেকৈ ব্যৱহাৰ কৰিব

ইচ্ছা কৰিলে বাম হিচাপে গ্লিছাৰিণ প্ৰয়োগ কৰিব পাৰে। ইয়াৰ উপৰিও গাখীৰ, মৌ বা গোলাপ জলৰ লগত মিহলাইও প্ৰয়োগ কৰা হয়।

গ্লিচাৰিন প্ৰয়োগৰ উপকাৰিতা

১) শীতকালত শুকান বতাহৰ বাবে ওঁঠ শুকান হৈ ফাটি যায়। ওঁঠত গ্লিচাৰিন ব্যৱহাৰ কৰিলে ওঁঠ কোমল হয়, ওঁঠ ফাটি যোৱাৰ কোনো সমস্যা নহয়।

২) যদি আপোনাৰ ওঁঠত দাগ আছে আৰু সেইবোৰ ক’লা হৈ গৈছে, তেন্তে গ্লিচাৰিন ব্যৱহাৰ কৰাটো উপকাৰী। কেতিয়াবা ধূমপানৰ বাবে মানুহৰ ওঁঠ ক’লা হৈ পৰে। এনে পৰিস্থিতিতো গ্লিচাৰিন ব্যৱহাৰ কৰাটো উপকাৰী।

৩) শীতকালত বতাহৰ প্ৰভাৱৰ বাবে ওঁঠৰ ওপৰৰ তৰপটো শুকাই যায়।এনে পৰিস্থিতিত গ্লিচাৰিন ব্যৱহাৰ কৰাটো অতি উপকাৰী।

৪) কেনেবাকৈ  ওঁঠ কাটিলেও বা তাত কোনো ধৰণৰ ঘাঁ  হ’লেও গ্লিচাৰিন ব্যৱহাৰ কৰিলে উপকাৰী।

৫) গ্লিচাৰিনে ওঁঠৰ বাবে পুষ্টিকৰ উপাদান হিচাপে কাম কৰে, যাৰ ফলত ওঁঠত আৰ্দ্ৰতা প্ৰদান কৰে।

খাদ্য আৰু পানীয়ত মিঠা সোৱাদ আনিবলৈ চেনি ব্যৱহাৰ কৰা হয় যদিও ই  অতি ভাল সৌন্দৰ্য্য সামগ্ৰীও। ই  ভাল আৰু প্ৰাকৃতিক স্ক্ৰাব। মৃত ছাল পৰিষ্কাৰ কৰা, তেজৰ সোঁত বৃদ্ধি কৰা, ছালৰ গঠন আৰু ছিদ্ৰ খোলাত ই সহায়ক।

শীতকালত আমাৰ ছালত মৃত ছালৰ তৰপ এটা গঠন হয়, যাৰ বাবে মুখখনৰ উজ্জলতা  কমি যোৱা যেন লাগে। আমি শৰীৰৰ প্ৰতিটো অংগৰ বাবে চেনি ব্যৱহাৰ কৰিব পাৰো কিন্তু মুখ আৰু ওঁঠৰ বাবে ব্যৱহাৰ কৰিলে অধিক উপকাৰী হয়।

মুখৰ বাবে এই স্ক্ৰাবটো কেনেকৈ প্ৰস্তুত কৰিব?

পকা কল এটা লৈ ভালদৰে পিটিকি লওক। এই পেষ্টত আধা কাপ ব্ৰাউন চুগাৰ দিব। লগতে দুইৰ পৰা তিনি টোপাল আলমণ্ড অইল মিহলাব।

এতিয়া এই তিনিওটা সামগ্ৰী ভালদৰে মিহলাই লওক। ইয়াৰ পিছত মুখখন ধুই তাৰ পিছত স্ক্ৰাব লগাব। মুখখনত বৃত্তাকাৰ গতিৰে পাঁচ মিনিট মালিচ কৰক। মাজতে কুহুমীয়া পানী ছটিয়াই থাকিব।পাঁচ মিনিটৰ পিছত মুখখন ধুই ভাল মইশ্ব’ৰাইজাৰ লগাওক।

You might also like