নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

WHOৰ সকীয়নিঃ মাস্ক পিন্ধোতে ভুলতো নকৰিব এনে কাৰ্য, অন্যথা ভুঞ্জিব লাগিব

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছৰ প্ৰকোপ ভাৰতত আশংকাজনকভাৱে বৃদ্ধি হৈ গৈ আছে। ক’ৰোনা মহামাৰীৰৰ পৰা নিজকে সুৰক্ষা কৰাৰ একমাত্ৰ কৱচ ৰূপে পৰিগণিত হৈছে মাস্ক। কিন্তু এই মাস্ক পিন্ধাৰ ক্ষেত্ৰত এইকেইটা ভুল কেতিয়াও নকৰিবলৈ সাৱধানবাণী আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই-

ঢিলা মাস্কঃ
মুখত পিন্ধা মাস্কখন সদায়ে মুখৰ লগত লিপিট খোৱা হ’ব লাগে। ঢিলা হ’লে মুখ বা নাকেৰে ভাইৰাছৰ প্ৰৱেশ হোৱাৰ নিশ্চিত সম্ভাৱনা থাকে।

নাকৰ তলত মাস্কঃ
বহুতৰ ক্ষেত্ৰত দেখা গৈছে যে মাস্ক পিন্ধোতে নাকটো ওলাই থাকে। এনেক্ষেত্ৰত মাস্ক পিন্ধা আৰু নিপিন্ধা একে কথা।

কথা পাতোঁতে মাস্ক খুলি ৰখাঃ
কথা পাতোঁতে মাস্ক খুলিব নালাগে। কাৰণ কোন সময়ত ভাইৰাছ দেহত প্ৰৱেশ কৰিব পাৰে তাক কোনেও ক’ব নোৱাৰে।

মাস্কত বাৰে বাৰে হাত লগোৱাঃ
এবাৰ মাস্ক পিন্ধাৰ পিছত প্ৰায়ভাগ লোকে মাস্কখন খোলা-মিলা বা আন কাৰণত হাতেৰে চুই থকা দেখা যায়। এনে কাৰণত হাতৰ পৰা ভাইৰাছে মাস্ক আৰু শেষলৈ দেহত প্ৰৱেশ কৰিব পাৰে।

মাস্কৰ সলনা-সলনি
একেটা পৰিয়ালৰ মাজত কেতিয়াবা মাস্কৰ সলনা-সলনি হোৱা দেখা যায়। এনে অৱস্থাতো ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে, কিয়নো ৫০ শতাংশ মানুহৰ ক্ষেত্ৰতে গোপনে ভাইৰাছৰ সংক্ৰমণ হৈ থাকে। আনহাতে এনে অৱস্থাত আন ৰোগৰো সংক্ৰমণ হোৱাৰ আশংকা থাকে।

You might also like