নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশিক্ষণৰ বাবে ৰাছিয়ালৈ ৪ মহাকাশচাৰী

২০২২ চনত ইছৰোৰ গগনযান অভিযান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে অভিলাষী গগনযান অভিযানৰ বাবে সাজু হৈছে৷ এই অভিযানত অংশ ল’বলগীয়া চাৰিজনকৈ নির্বাচিত মহাকাশচাৰীক ভাৰতে ৰাছিয়ালৈ পঠিয়াব উন্নত প্রশিক্ষণৰ বাবে৷ এই প্রশিক্ষণ ১১ মাহ ধৰি চলিব৷ এই কথা অলপতে জানিবলৈ দিয়ে কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে৷ ৰাছিয়াত অনুশীলন আৰু প্রশিক্ষণ সম্পূর্ণ কৰাৰ পাছত নির্বাচিত এই চাৰিগৰাকী মহাকাশচাৰীয়ে ভাৰতত মডুল–স্পেছিফিক প্রশিক্ষণ গ্রহণ কৰিব৷ এই অভিলাষী অভিযান প্রসংগত ইছৰোৰ অধ্যক্ষ ড০ কে শিৱানে কয় যে গগনযান অভিযানৰ বাবে আমি ভালদৰে প্রস্তুতি আৰম্ভ কৰিছোঁ৷ অভিযানৰ বাবে আমি মহাকাশচাৰীৰ নির্বাচন সম্পূর্ণ কৰিছোঁ৷ উল্লেখ্য যে গগনযান অভিযানৰ বাবে কেন্দ্রীয় কেবিনেটে ১০,০০০ কোটি টকা ইছৰোক মুকলি কৰি দিছে৷ ২০২২ চনত প্রথমবাৰৰ বাবে মানৱৰ মহাকাশ অভিযান আৰম্ভ কৰিব ভাৰতে৷ ভাৰতৰ স্বাধীনতা লাভৰ ৭৫ বছৰ পূর্তি উপলক্ষে এই অভিযান উৎসর্গা কৰা হ’ব৷ ১৯৮৪ চনত মহাকাশলৈ প্রথমজন ভাৰতীয় হিচাপে ৰাকেশ শর্মা মহাকাশলৈ গৈছিল যদিও এই অভিযান ভাৰতৰ নাছিল৷ গগনযানেই হ’ব ভাৰতৰ পৰা প্রথম মানৱ মহাকাশ অভিযান৷

You might also like