নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ প্রজন্মৰ বাবে বিপদৰ কাৰক ছ’চিয়েল মিডিয়া

ব্রিটেইনৰ ৰয়েল কলেজ অৱ চাইকিয়াট্রিকছৰ মনোবিজ্ঞানীৰ এটা দলে অধ্যয়নৰ অন্তত প্রকাশ কৰিছে যে ফেচবুক, টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে যুৱক–যুৱতী আৰু কিশোৰ–কিশোৰীসকলৰ্ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে৷ এই মনোবিজ্ঞানীৰ দলটোৱে এনেধৰণৰ প্রযুক্তি কোম্পানীৰ ওপৰত অধিক কৰ আৰোপৰ পোষকতা কৰিছে, যাৰ জৰিয়তে যুৱ প্রজন্ম আক্রান্ত হোৱা আত্মক্ষয়ী কার্য, আত্মহনন আৰু অন্যান্য মানসিক স্বাস্থ্য জড়িত বিষয়সমূহ অধ্যয়নৰ বাবে যাতে অধিক পুঁজি লাভ কৰিব পাৰি৷ বয়ঃসন্ধি গোটৰ ফেকাল্টী লীডাৰ ড০ বের্নাডকা ডুবিচকাই কয় যে তেওঁ আগবঢ়াই অহা সেৱাৰ সময়ত দেখিবলৈ পাইছে যুৱ প্রজন্মৰ আত্মক্ষয়ী প্রৱণতা৷ ইয়াৰ মূল কাৰক হ’ল ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু বিভিন্ন অনলাইন ডিছকাছন৷ ২০১৭ চনত ছ’চিয়েল মিডিয়াৰ আসক্তিৰ বাবে প্রাণ বিসর্জন দিয়া এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ পিতৃ মলী ৰাছেলে যুৱ প্রজন্মক এনে আসক্তিৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ ছ’চিয়েল মিডিয়াৰ বাবেই তেওঁ কন্যাক হেৰুৱালে বুলি মন্তব্য কৰে৷ আনহাতে শিশুৰ বাবেও ম’বাইল ব্যৱহাৰ অত্যন্ত ক্ষতিকাৰক বুলি প্রকাশ কৰিছে ভাৰতৰ মনোচিকিৎসাবিদে৷ মাক–দেউতাকে কামৰ দোহাই দি শিশুক ম’বাইলত ব্যস্ত ৰখাৰ বাবে পৰৱর্তী সময়ত তেনে শিশুক কাউঞ্চেলিং দিব লগা অৱস্থাৰো সৃষ্টি হয়৷

You might also like