নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল প্লে’ ষ্টোৰত থকা ১৪টা এপ, যিয়ে গোপনে চুৰ কৰিব পাৰে আপোনাৰ টকা

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ এপছ। আধুনিক ডিজিটেল যুগৰ এটা এৰাব নোৱাৰা অংশ। এপসমূহৰ মাধ্যমেৰে চলে বিভিন্ন ডিজিটেল কাম-কাজ। কিন্তু আপুনি জানেনে দুষ্টচক্ৰই এই এপছৰ যোগেৰে কৰিব পাৰে আপোনাক লুণ্ঠন।

জানিব পৰা মতে, যোৱা মাহত সুৰক্ষা কোম্পানী ছোফছে গুগলৰ সৈতে এনে কেইটামান এপৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই এপসমূহে বিধি-চৰ্ত (terms & conditions) লুকাই ৰাখি এপ ছাবষ্ক্ৰিপশ্বনৰ যোগেৰে এশৰো অধিক ডলাৰ লুট কৰে।

আনহাতে ৰাশিচক্ৰৰ কিছু এপে ছাবষ্ক্ৰিপশ্বনৰ বাবে ধাৰ্য কৰে সপ্তাহত প্ৰায় ৭০ ডলাৰ। উপভোক্তাই এনে এপ ছাবষ্ক্ৰিপশ্বন নকৰি বেক বুটাম টিপিলেও ছাবষ্ক্ৰিপশ্বন কৰা দেখুৱায় আৰু নিবিচাৰিলেও ৭০ ডলাৰ উপভোক্তাৰ পৰা আদায় লয়।

এপৰ জৰিয়তে চলা এনে লুণ্ঠনক লৈ সুৰক্ষা কোম্পানীটোৱে ২০টা এনে এপৰ তালিকা প্ৰস্তুত কৰে। ইয়াৰে ৬টা এপ ইতিমধ্যে বন্ধ হৈছে যদিও গুগল প্লে ষ্ট’ৰত আছে আৰু ১৪টা এনে এপ। সেই এপসমূহ হ’ল-


১. Compress Video
২.Dynamic Wallpaper
৩.Gametris Wallpaper
৪.MojiFont
৫. Montage – Help you make cool videos
৬. My Replica 2
৭.Old Me-Simulate Old Face
৮. Photo Converter
৯. Prank Call
১০.Recover deleted photos, Photo backup
১১. Search by Image
১২. Video Magician
১৩. Xsleep
১৪. Zynoa Wallpaper

You might also like