নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তি সংগীতশিল্পী এচ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ মৃত্যুৰ কাষত হাৰ মানিলে কিংবদন্তি সংগীতশিল্পী তথা অভিনেতা এছ পি বালাসুব্রমনিয়ামে (SP Balasubramanyam)। ৭৪ বছৰ বয়সত মৃত্যু ঘটিল এইগৰাকী দক্ষিণ ভাৰতৰ প্ৰখ্যাত পণ্ডিতৰ।

উল্লেখ্য যে বিগত ৫ আগষ্টত ক’ৰোনাত আক্রান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল এছ পি বালাসুব্রমনিয়াম। নিজে ছ’চিয়েল মিডিয়াত ক’ৰোনাৰ সামান্য উপসর্গ থকাৰ কথা কৈছিল তেওঁ। পাছত সংগীতশিল্পীজনৰ স্বাস্থ্যৰ অৱস্থা অধিক অবনতি ঘটাৰ বাবে ভেন্টিলেছনত ৰাখিব লগা হয়।

বিগত ২৪ ঘন্টাত শিল্পীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি জনাই হাস্পতাল কৰ্তৃপক্ষই ৷ অৱশ্যে বিশেষজ্ঞ চিকিৎসকৰ দলে পর্যবেক্ষণ কৰি আছিল শিল্পীগৰাকীৰ স্বাস্থ্য ৷ কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি অজান দেশলৈ গ’লগৈ দক্ষিণৰ বিখ্যাত সংগীতশিল্পীজন।

You might also like