নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাম মাত্র ১০ হাজাৰ টকাঃ পূজাৰ বতৰত ঘৰলৈ আনক সুন্দৰ ফিচাৰৰ সৈতে এই স্মার্টফোন

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ শাৰদীয় বতৰত নতুনকৈ স্মার্টফোন কিনাৰ কথা ভাবিছে নেকি? যদি আপোনাৰ বাজেট ১০ হাজাৰৰ ভিতৰত আৰু তাৰ ভিতৰতে ভাল ফিচাৰ বিচাৰিছে তেন্তে ঘৰলৈ আনিব পাৰে এই ৬ কোম্পানীৰ সুন্দৰ স্মার্টফোন। চাও আহক এই তালিকা-

Samsung Galaxy M01 Core ফোনটোৰ (১ জিবি ৰেম + ২ জিবি) ভেৰিয়েন্টৰ প্রাৰম্ভিক দাম ৫,৪৯৯ টকা। ২ জিবি ৰেম + ৩২ জিবি ভেৰিয়েন্টৰ দাম ৬,৪৯৯ টকা।

Samsung Galaxy M01s পোৱা যাব মাত্ৰ ৯,৪৯৯ টকাত। ফোনটোত আছে ৬.২-ইঞ্চি ইনফিনিটি-ভি ডিছপ্লে ।

Panasonic Eluga I8 এমাজন আৰু ফ্লিপকার্টত যথাক্রমে ৮,১৪৩ আৰু ৮,১৮৩ টকাত পোৱা যাব এই ফোন।

Nokia C3 দুটা ভেৰিয়েন্ট পোৱা যায় – ২ জিবি / ১৬ জিবি আৰু ৩ জিবি / ৩২ জিবি – মাত্ৰ ৭,৪৯৯ আৰু ৮,৯৯৯ টকাত।

Lava Z66 এইবছৰ আগষ্ট মাহত লঞ্চ হৈছে। যি স্মার্টফোনত আছে ১.৬ গিগাহার্টজ অক্টাকোৰ প্রচেচৰ। যাৰ ভিতৰত আছে ৬.০৮ ইঞ্জিৰ HD+ নচ ডিছপ্লে। যাৰ স্ক্রিন ৰেছিঅ ১৯: ৯।

Infinix Smart 4 Plus ফোনৰ দাম ৭,৯৯৯ টকা। ফোনটোত আছে ৬.৮২ ইঞ্চি এইচডি + ডিছপ্লে। লগতে ৩ জিবি ৰেম + ৩২ জিবি মেমৰি আছে, যি ২৫৬ জিবি পর্যন্ত প্রসাৰিত কৰা যায়।

You might also like