নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকত–আলোচনী আৰু ফেচবুক

বলোৰাম দলে 

চৰকাৰী চাকৰি লাভ কৰি নগৰত থাকিবলৈ লোৱাৰ আগলৈকে মই বাস কৰিছিলোঁ অত্যন্ত পিছপৰা অভয়পুৰ নামৰ ভিতৰুৱা গাঁও এখনত৷ সেই সময়ত বহিঃজগতৰ খবৰ–বাতৰি পাবৰ বাবে আমাৰ গাঁৱত ৰেডি’ বা বেতাঁৰ যন্ত্রৰ বাহিৰে বেলেগ একো ব্যৱস্থা নাছিল৷ কিন্তু এই ৰেডি’ বা বেতাঁৰ যন্ত্রও গাঁৱৰ সকলোৰে ঘৰত নাছিল মুষ্টিমেয় দুই–তিনি ঘৰতহে আছিল৷ গতিকে দেশ–বিদেশৰ খবৰ–বাতৰিৰ জিজ্ঞাসু ব্যক্তিয়ে বাতৰি পঢ়া সময়ত পুৱা–গধূলি ৰেডি’ থকা ঘৰৰ চোতালত গোট খাই বাতৰি শুনিছিল৷ মেড্রিক পাছ কৰাৰ আগতে বাতৰিকাকতৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাছিল৷ ৰচনা কিতাপত পঢ়ি সাধাৰণভাৱে বুজি পাইছিলোঁ যে বাতৰিকাকতে দেশ–বিদেশৰ খবৰ–বাতৰি সৰবৰাহ কৰে বুলি৷ কলেজত পঢ়াকালতো বাতৰিকাকতৰ লগত ঘনিষ্ঠ সম্পর্ক ৰখা নাছিলোঁ বা ৰাখিব পৰাৰ সুবিধা নাছিল৷ কিন্তু কাকতৰ লগত সম্পর্ক নাথাকিলেও হাইস্কুলীয়া কালতে পাঠ্যপুথি বহির্ভূত গল্প–উপন্যাসৰ শতাধিক বাহিৰা কিতাপ ককাইদেউৰ পৰা লুকাই–চুৰ কৰি পঢ়িছিলোঁ৷ বাহিৰা কিতাপবিলাকে মোক ইমানেই মোহাৱিষ্ট কৰিছিল যে ভৱিষ্যতে গল্প–উপন্যাস লিখি লেখক হোৱাৰ দিবাস্বপ্ণই মোৰ কিশোৰ মনটোক অনবৰত ব্যতিব্যস্ত কৰি তুলিছিল৷ মোৰ কলেজীয়া শিক্ষা সাং হোৱা কালত আমাৰ গাঁৱত ধাতুৰাম কুলী নামৰ মানুহজনে গেলামালৰ দোকান এখন দিছিল৷ দোকানত বিক্রী কৰিবলগা বস্তু–বাহানিৰ বজাৰ কৰিবলৈ তেওঁ মাহেকে–পষেকে ঢ়কুৱাখনা চাৰিআলিলৈ গৈছিল৷ তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল কিন্তু, বিয়া পতাৰ পিছত ৰাতি স্কুলত লিখা–পঢ়া শিকি অসমীয়া আখৰ লিখিব–পঢ়িব পৰা হৈছিল৷ আখৰ চিনি পোৱাৰ পিছত তেওঁ নিজকে নতুন জীৱন লাভ কৰাৰ দৰে লাগিছিল আৰু অধ্যয়নৰ সহায়ত দেশ–বিদেশৰ খবৰ–বাতৰি জানিবলৈ ইচ্ছা কৰিছিল৷ সেই সময়ত ঢ়কুৱাখনা চাৰিআলিত অৱস্থিত গগৈ ব্রাদার্ছ নামৰ বিপণীখনেই আছিল সমগ্র ঢ়কুৱাখনাৰ কিতাপ আৰু বাতৰিকাকত পৰিৱেশনৰ একমাত্র প্রতিষ্ঠান৷ ধাতুৰাম কুলীয়ে ঢ়কুৱাখনাত বজাৰ কৰিবলৈ যোৱা প্রতিবাৰে উক্ত বিপণীৰ পৰা দৈনিক বা সাপ্তাহিক কাকত একোখন গাঁৱলৈ লৈ আনিছিল৷ কাকতখন দোকানতে ৰাখি প্রথমতে তেওঁ নিজে উধৰ পৰা মূধলৈ খৰচি মাৰি পঢ়ি লৈছিল৷ তেতিয়াও কঠিন যুক্তাক্ষৰবিলাক এটা এটাকৈ বানান কৰি পঢ়িব লগা হৈছিল বাবে কাকতখন পঢ়ি সম্পূর্ণ কৰিবলৈ তেওঁক দুই–তিনি দিন সময় লাগিছিল৷ তাৰ পিছতহে তেওঁৰ কোনো কোনো অন্তৰংগ মানুহক কাকতখন পঢ়িবলৈ দিছিল৷ যিয়েই নহওক, ধাতুৰাম কুলীৰ অধ্যয়নপিপাসু মনৰ বাবেহে মাহেকে–পষেকে আমাৰ গাঁৱৰ মানুহে একোখনকৈ হ’লেও বাতৰিকাকতৰ দর্শন লাভ কৰিছিল৷ তেনেকৈ ঢ়কুৱাখনাৰ পৰা তেওঁ লৈ অনা দৈনিক বাতৰিকাকত এখনতে মোৰ চাকৰিৰ বিজ্ঞাপনটো পাইছিলোঁ৷ গাঁৱলৈ ধাতুৰাম কুলীৰ বাতৰিকাকত অনাৰ অভ্যাস নথকা হ’লে হয়তো মোৰ জীৱনত চৰকাৰী চাকৰি কৰিবলৈ কপালেই নুফুলিলহেঁতেন৷ গতিকে আমাৰ গাঁৱৰ গেলামালৰ দোকানী ধাতুৰাম কুলী চিৰদিনৰ কাৰণে মোৰ ধন্যবাদৰ পাত্র হৈ ৰ’ল৷
নগৰ–চহৰত পুৱাই বাতৰিকাকত পঢ়াটো বহু পৌৰবাসীৰ কাৰণে এক এৰিব নোৱাৰা অভ্যাস৷ পুৱা চাহ খোৱা সময়ত কাকতখন লগত নাথাকিলে বহুতৰ মন ধী–ধিয়নি লাগি থকাও প্রত্যক্ষ কৰিছোঁ৷ অৱশ্যে এইবুলি এৰিব নোৱাৰা অভ্যাসৰ বাবেই যে সকলোৱে বাতৰিকাকত ৰাখে, তেনে কথাও নহয় কিছুমানে পঢ়াতকৈ কাকত–আলোচনীক ষ্টেটাছ ছিম্বলৰ চিহ্ণ হিচাপে নিয়মীয়াকৈ ঘৰত ৰখাৰ অভ্যাস কৰে যেন লাগে৷ ই যিয়েই নহওক, চাকৰি সূত্রে নগৰত বসবাস কৰিবলৈ লোৱাৰে পৰা দৈনিক কাকত এখন আৰু পষেকীয়া বার্তালোচনী এখনৰ গ্রাহকভুক্ত হ’লোঁ৷ সঁচা কথা ক’বলৈ গ’লে, তেতিয়াৰ পৰাহে বাতৰিকাকত সম্পর্কত মোৰ কিছু জ্ঞান উদয় হ’ল৷ আগতে মই ভাবি অহাৰ দৰে বাতৰিকাকতে কেৱল দেশ–বিদেশৰ খবৰ–বাতৰি সৰবৰাহতে সীমাবদ্ধ নাথাকে খবৰ–বাতৰিৰ উপৰি বহুতো ন–পুৰণি লেখক–লেখিকাৰ সাহিত্য চর্চাৰ মাধ্যম হিচাপে কাকত–আলোচনীয়ে এক সুকীয়া ভূমিকা পালন কৰে৷ বিশেষকৈ কাকত–আলোচনীক ন–লেখক–লেখিকাসক সাহিত্যানুশীলনৰ ধাৰাপাত বুলি ক’লেও বঢ়াই কোৱা নহয়৷ এইটো কথা জনাৰ পাছত সাহিত্য পৃষ্ঠাৰ আকর্ষণতে মই নিতৌ তিনিখন দৈনিক কাকতৰ গ্রাহকভুক্ত হ’লোঁ৷ পাছত অসমীয়া ভাষা–সাহিত্য সম্পর্কে কিছু অধ্যয়ন কৰি জানিব পাৰিলোঁ যে বর্তমান অসমীয়া সাহিত্যৰ ভোটাতৰা বহুতেই প্রথমাৱস্থাত সমসাময়িক কাকত–আলোচনীৰ পাততে সাহিত্য চর্চা কৰিছিল৷ উদাহৰণস্বৰূপে, অসমীয়া সাহিত্যৰ বৰেণ্য প্রবীণ সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ জাত–পাতৰ নামত প্রচলিত ৰক্ষণশীলতাৰ বিৰুদ্ধে সংস্কাৰমূলক চিন্তাধাৰাৰ বার্তা প্রেৰণ কৰা ‘মৎস্যগন্ধা’ নামৰ বহুজন পঠিত উপন্যাসখনো অধুনালুপ্ত ‘সীৰলু’ নামৰ বার্তালোচনীখনতে প্রথমে প্রকাশ হৈছিল৷ আনকি, অসমৰ প্রথম সংবাদ–পত্র অৰুণোদইৰ পাততে আধুনিক অসমীয়া গদ্য আৰু পদ্যই গঢ় লৈছিল৷ গুণাভিৰাম বৰুৱাৰ ৰচিত প্রথম অসমীয়া আধুনিক নাটক ‘ৰাম–নৱমী’খনো অৰুণোদইতে প্রকাশ হৈছিল৷ তেনেকৈ বেজবৰুৱাৰ ‘কন্যা’ নামৰ প্রথম চুটিগল্পটো ‘জোনাকী’ নামৰ মাহেকীয়া আলোচনীতে প্রথম প্রকাশ হৈছিল৷ এইবিলাক নামমাত্র উদাহৰণহে৷ মুঠতে, কাকত–আলোচনীৰ পাতত জন্মলাভ কৰি পিছত বিদগ্ধ সাহিত্যিকৰ আসন দখল কৰা অসমীয়া সাহিত্যিকৰ তালিকা যথেষ্ট দীঘলীয়া৷ গতিকে, অসমীয়া জাতিৰ আধুনিক ভাষা–সাহিত্য উত্তৰণৰ প্রথম আৰু প্রধান মাধ্যম যে কাকত–আলোচনী এই কথা ন–দি ক’ব পাৰি৷
আগতে কৈ আহিছোঁ যে বাহিৰা কিতাপৰ প্রতি আকৃষ্ট হৈ বিভিন্ন স্বাদৰ গল্প–উপন্যাস পঢ়ি কৈশোৰ কালতে মোৰ মনত লেখক হোৱাৰ ব্যাকুল–বাসনা জাগিছিল৷ কিন্তু, বয়স বাঢ়ি অহাৰ লগে লগে সাংসাৰিক চাকনৈয়াত পৰি কালক্রমত মোৰ মনত লেখক হোৱাৰ বাসনা ম্লান হৈ আহিছিল৷ কিন্তু, কাকত–আলোচনীৰ পাতত সাহিত্যৰ বুনিয়াদ সৃষ্টি হয় বুলি জ্ঞাত হোৱাৰ পিছত আৰু বিশেষকৈ কাকত–আলোচনীত ন–লেখক–লেখিকাসক ৰচনাৰ পয়োভৰ প্রত্যক্ষ কৰি বাল্যকালতে লেখক হোৱাৰ আকাশ কুসুম দেখা মোৰ মনে পুনৰ উক দিবলৈ ধৰিলে৷ ভিন্ন বিষয়ত লিখিবলৈ মোৰ মনতো প্রবল হাবিয়াস উপজিবলৈ আৰম্ভ কৰিলে৷ লিখিবলৈ মনে কৰা দুর্বাৰ অভিলাষৰ আতিশয্যত পৰি কেতিয়াবা একো একোখন ৰচনা লিখিবলৈ যত্ন নকৰাও নহয় কিন্তু ৰচনাখন পঢ়ি চোৱাৰ পিছত কাকত–আলোচনীৰ সম্পাদকে নুৰিয়াই পোনছাটে পেলনীয়া খৰাহিলৈ নিক্ষেপ কৰিব পাৰে বুলি আশংকা কৰিয়ে কাকত– আলোচনীলৈ প্রেৰণ কৰাৰ দুর্বাৰ ইচ্ছা অতি কষ্টৰে দমন কৰি ৰাখিছিলোঁ৷ তেনেকৈ প্রেৰণ কৰাৰ সাহস গোটাব নোৱাৰি কাকত–আলোচনীত বহু ন–পুৰণি সাহিত্যিকৰ লেখা পঢ়িয়ে নীৰৱে ১৪ বছৰ কটালোঁ৷
২০০৮ চনৰ ব’হাগ মাহত এদিন আমাৰ ঘৰত কাকতালীয়ভাৱে বিশিষ্ট চিন্তাবিদ আৰু আধুনিক অসমীয়া সাহিত্যৰ বৰেণ্য সাহিত্যিক শ্রদ্ধাৰ হোমেন বৰগোহাঞি ছাৰক সাক্ষাৎ কৰিবলৈ মোৰ সৌভাগ্য এটা মিলিল৷ প্রায় ডেৰ ঘণ্টা সময় আমাৰ ঘৰত তেখেতৰ লগত বাক বিনিময় কৰিবলৈ পাই মই যথেষ্ট উৎসাহিত হৈ পৰিছিলোঁ৷ তাৰ দুদিনমানৰ পাছত আমাৰ ঘৰত ছাৰৰ পদার্পণক লৈ ৰচনা এখন লিখি প্রকাশ হোৱাৰ কামনাৰে তেখেতে সম্পাদনা কৰা দৈনিক কাকতখনলৈ মৰসাহ কৰি প্রেৰণ কৰিলোঁ৷ যিহেতু ৰচনাখন ছাৰক প্রশংসা কৰি লিখা হৈছিল গতিকে নিজে সম্পাদনা কৰা কাকতখনত মোৰ ৰচনাখন প্রকাশ কৰিবলৈ অনিচ্ছাৰ কথা ম’বাইলত ছাৰে মোক জনালে আৰু তেখেতে নিজে মোক লিখিবলৈ বিষয় এটা বাছি দিলে৷ যিয়েই নহওক, মোৰ প্রথম ৰচনাখন পৃথিৱীৰ পোহৰ দেখাৰ পৰা বঞ্চিত হ’ল৷ তেখেতে বাছনি কৰি দিয়া বিষয় মতেই প্রথমতে মোৰ অতীত জীৱনৰ আত্মজীৱনীমূলক লঘু স্বাদৰ ৰচনা এখন এখনকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ৷ তাৰ পিছৰ পৰা ক্রমান্বয়ে বিভিন্ন বিষয়ৰ ওপৰতো দুই–এখন ৰচনা লিখিবলৈ যত্ন কৰিলোঁ৷ মোৰ লেখা তেখেতে সম্পাদনা কৰা কাকতৰ উপৰি বেলেগ দুই–এখন কাকত–আলোচনীতো সেৰেঙাকৈ হ’লেও প্রকাশ পাবলৈ ধৰিলে৷ লেখা প্রথম প্রকাশ হোৱাৰ দিনাখন মই আনন্দোল্লাসত অধীৰ হৈ পৰিছিলোঁ৷ প্রকাশ পোৱাৰ অত্যুচ্ছ্বাসত সেইদিনা চিনাকি বহুতক ফোন কৰি মোৰ লেখা পঢ়িবলৈ জনাইছিলোঁ৷ আনন্দবিহ্বল হৈ অতিৰিক্ত ৫খন কাকত কিনি আনি সমীপৰ ঘৰবিলাকত বিলাই দিছিলোঁ৷ আচলতে কাকতৰ ছাপা হৰফত লেখকৰ ৰূপত নিজৰ নামটো দেখিবলৈ পাই মোৰ মনত কিবা এক দৈৱ–ঘটনা ঘটাৰ দৰেই লাগিছিল৷
কাকত–আলোচনীত প্রকাশ হোৱা বিখ্যাত–খ্যাত সকলো লেখক–লেখিকাৰ ৰচনা মই সমানে গুৰুত্ব দি পঢ়োঁ৷ উচ্চাৰণ কৰিবলৈ জিভা–দাঁত বিষাই যোৱা শব্দ ব্যৱহাৰ কৰি প্রস্তুত কৰা তত্ত্বগধুৰ প্রবন্ধতকৈ প্রাঞ্জল ভাষাৰে লিখা সহজে বোধগম্য বিষয়বস্তুৰ ওপৰত আলোকপাত কৰা ৰচনা পঢ়ি মই বেছিকৈ তৃপ্তি অনুভৱ কৰোঁ৷ মই নিয়মীয়াকৈ কাকত–আলোচনী পঢ়িবলৈ লোৱা সময়ৰ পৰা বহুতো নতুন লেখক–লেখিকাই অন্যান্য কাকত–আলোচনীত আত্মপ্রকাশ কৰা দেখিবলৈ পাইছিলোঁ৷ তেওঁলোকৰ মাজত অনেকৰ প্রবন্ধ–পাতি অতি উচ্চমানৰ আৰু সামাজিক দায়বদ্ধতা বহন কৰিছিল৷ তেওঁলোকৰ গদ্যশৈলীও আছিল উৎকৃষ্ট৷ ভৱিষ্যতে তেওঁলোকৰ ৰচনাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত অৰিহণা যোগাব বুলি আশা কৰিছিলোঁ৷ তেওঁলোকৰ সৃষ্টিশীল লেখা প্রকাশ হোৱালৈ মই সদায় আগ্রহেৰে বাট চাই ৰৈছিলোঁ৷ কিন্তু, ভৱিষ্যৎ প্রতিশ্রুতিসম্পন্ন কিছু নবীন লেখক–লেখিকাই কিছু বছৰ আগৰে পৰা কাকত–আলোচনীলৈ পিঠি দি বর্তমানে সকলো শ্রেণী ৰাইজৰ মাজত জনপ্রিয় হৈ পৰা এণ্ড্রইড ম’বাইলত উপলব্ধ হোৱা ‘ফেচবুক’ নামৰ সামাজিক মাধ্যমত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ আগতে কাকত–আলোচনীৰ প্রতিভাৱান লেখক হিচাপে স্বীকৃত আৰু মোৰ পৰিচিত কেইবাগৰাকী লেখক–লেখিকাৰ সৃষ্টিশীল ৰচনা ফেচবুকত প্রায়ে পঢ়িবলৈ পাওঁ৷ যিকোনো লেখা প্রকাশ কৰিবলৈ তুলনামূলকভাৱে প্রিণ্টিং মাধ্যমতকৈ ফেচবুকত তেনেই সহজ৷ কিয়নো, ফেচবুকত নিজৰ ভাবখিনি লিখি পোষ্ট কৰি দিলেই প্রকাশ হৈ যায়৷ তাত সম্পাদনাৰ কথা নাই৷ কিন্তু, ফেচবুকত গঢ়ি লোৱা সীমিত বন্ধুৰ বাদে বেলেগ কোনোৱে তেওঁৰ লেখা লেহন কৰিব নোৱাৰে অর্থাৎ যিমানে উচ্চমানৰ ৰচনা নহওক, পাতি লোৱা বন্ধু মহলৰ বিনে বেলেগ পাঠক পঢ়াৰ পৰা বঞ্চিত হয়৷ কিন্তু কাকত–আলোচনীত প্রকাশ হ’লে ফেচবুকৰ সীমিত বন্ধুৰ উপৰি কাকতখন পঢ়া আন বহুত পঢ়ুৱৈৰ বাবেও ৰচনাখন উপলব্ধ হ’লহেঁতেন৷ কাকতত প্রকাশ হোৱাৰ পিছত একে লেখাটোকে পোষ্ট কৰি ফেচবুকৰ বন্ধু মহলৰ মাজত শ্বেয়াৰ কৰিব পাৰে যি কাম এতিয়া কাকত–আলোচনীৰ বহুত লেখক–লেখিকাই কৰি আছে৷ আনকি, ‘নিয়মীয়া বার্তা’ কাকতৰ হোমেন বৰগোহাঞি ছাৰৰ প্রথম কলম লেখাটোও এতিয়া ফেচবুকত উপলব্ধ হৈছে আৰু শতাধিক ফেচবুক পাঠক উপকৃত হৈছে৷ গতিকে আগতে কাকত–আলোচনীত সৃজনীশীল ৰচনা লিখা, কিন্তু বর্তমানে কেৱল ফেচবুকত লিখা প্রতিশ্রুতিপূর্ণ লেখক–লেখিকাসকলে প্রথমে কাকত–আলোচনীত প্রকাশ হোৱাৰ পিছত ফেচবুকত দিলে বেছি ভাল হ’ব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ৷ তেনে কৰিলে লেখাটোৱে আৰু বেছি পাঠকৰ মাজত বিস্তৃতি লাভ কৰিব৷ কিম্ধিকমিতি৷

You might also like