নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমডিএৰ কৰ্মচাৰীৰ ধৰ্ণাত উত্তাল কাৰ্যালয় চৌহদ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণ(জিএমডিএ)ৰ কৰ্মচাৰী সংগঠনে আজি জিএমডিএ চৌহদত চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

সংবাদ মাধ্যমৰ এই সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে কয়- “মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী পৌৰ নিগমৰ ১,৬০৭ জন কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছে। কিন্তু, একেটা বিভাগৰ অংশ জি এম ডি এৰ ৫৪ জন কৰ্মচাৰী অজ্ঞাত কাৰণত নিয়মীয়াকৰণৰ আওতাত নপৰিল। গতিকে আমি কৰ্মচাৰীসকলে ১৯ ফেব্ৰুৱাৰীৰ পৰা আমাৰ কাৰ্যালয় চৌহদত ধৰ্ণা প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছো।”

প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিব। এই প্ৰতিবাদৰ ফলত এতিয়া গুৱাহাটী মহানগৰৰ জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে।

You might also like