নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ ভৱনত অশ্লীল ভিডিঅ’ চাই চাকৰি হেৰুৱালে ৪ উচ্চপদস্থ বিষয়াই

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সংসদ ভৱনক এখন দেশৰ পৱিত্ৰ অনুষ্ঠান বুলি গণ্য কৰা হয়। কিন্তু এনে সংসদ ভৱনতে অষ্ট্ৰেলিয়াৰ ৪গৰাকী উচ্চপদস্থ বিষয়াই প্ৰত্যক্ষ কৰে অশ্লীল ভিডিঅ’। অকল প্ৰত্যক্ষই নহয়, নিজ কৰ্মৰ সময়ত পৱিত্ৰ সদনত ইজনে সিজনক ভিডিঅ’ শ্বেয়াৰ কৰি এক অনুষ্টুপীয়া মচগুল কৰিও সময় পাৰ কৰে তেওঁলোকে।

কিন্তু এই ঘটনা বন্দী হয় কেমেৰাত আৰু যোৱা সোমবাৰে সংবাদ মাধ্যমতো সকলো দৃশ্য প্ৰকাশ পায়। ক্ষণিকতে ভাইৰেল হৈ পৰে দেশজুৰি।

ইয়াৰ পিছতে বিৰোধী দলৰ তীব্ৰ ভৰ্তসনা-সমালোচনাৰ সন্মুখীন হয় প্ৰদানমন্ত্ৰী স্কট মৰিচন। ঘটনাত চৰকাৰ গভীৰভাৱে বিব্রত হয় আৰু প্ৰধানমন্ত্ৰী মৰচনে যোৱা মঙলবাৰে কঠোৰ পদক্ষেপৰ কথা ঘোষণা কৰে।

শেষত বিত্তমন্ত্ৰী চাইমন বাৰ্মিংহামে ইতিমধ্যে চাৰিজন অভিযুক্তক বৰখাস্ত কৰা বুলি ঘোষণা কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, “এনে ঘটনা দেশৰ কৰদাতাসকলৰ বাবে অৱমাননা। চৰকাৰী কৰ্মচাৰীসকলে কৰৰ ধনেৰে দৰমহা লাভ কৰে। গতিকে এনেধৰণৰ আচৰিত কামৰ সৈতে জড়িত থকা চৰকাৰী কৰ্মচাৰীসকলে টালি-টোপোলা বান্ধি চাকৰি এৰি যোৱাটো ভাল।’

You might also like