নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুমুখত Whats App!… অসংখ্য ইউজাৰৰ ঢাপলি Signal Appলৈ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মেছেজিং এপ হোৱাটছ এপৰ জনপ্ৰিয়তা এইকেইদিন কমি যোৱা দেখা গৈছে, কিন্তু ইয়াৰ বিপৰীতে আন এক মেছেজিং এপ ছিগনেল এপৰ চৰ্চা চাৰিওফালে বৃদ্ধি হোৱা দেখা গৈছে। হোৱাটছ এপৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কাৰণ হৈছে মেছেজিং এপটোৰ নতুন নিয়ম, যি সোনকালে প্ৰয়োগ কৰা হ’ব পাৰে এপটোৰ ইউজৰ ক্ষেত্ৰত।

এনে কাৰণতে ছিগনেল এপ দ্ৰুতগতিত ডাউনলোড কৰা দেখা গৈছে। কিছু দেশত সম্প্ৰতি ছিগনেল এপ ফ্ৰী এপ কেটেগ’ৰীত হোৱাটছ এপক চেৰাই শীৰ্ষ স্থান লাভ কৰা দেখা গৈছে। আনকি ছিগনেল এপে এপলৰ এপ ষ্টোৰতো হোৱাটছ এপক চেৰাই প্ৰথম নম্বৰত স্থান লাভ কৰিছে।

ডাউনলোডৰ হাৰ ইমানেই দ্ৰুতগতিত বৃদ্ধি হৈছে যে ছিগনেল এপক শীৰ্ষ স্থান লভিবলৈ প্ৰয়োজন হৈছে মাত্ৰ ৪৮ ঘণ্টা। উল্লেখ্য হোৱাটছ এপৰ নতুন নিয়ম অনুযায়ী ইয়াৰ এনক্ৰিপচন হোৱাটছ এপ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিব পাৰিব। অৰ্থাৎ কোনো প্ৰাইভেট মেছেজ দুটা পক্ষৰ মাজতে সীমিত নাথাকিব।

এনে কাৰণতে বহুতে হোৱাটছ এপ এৰি ছিগনেল এপলৈ ঢাপলি মেলিছে। উল্লেখ্য, টেছলা কোম্পানীৰ চিইঅ’ এলেন মাস্ক আৰু ভাৰতীয় উদ্যোগপতি আনন্দ মহিন্দ্ৰায়ো এই এপ ব্যৱহাৰ কৰা বুলি নিজে উল্লেখ কৰিছে। গতিকে ধাৰণা হৈছে যে মেছেজিং এপৰ একচেতিয়া অধিকাৰ এতিয়া হোৱাটছ এপৰ হাতৰ পৰা গুচি যাব পাৰে আৰু এই ঠাই ল’ব পাৰে ছিগনেল এপে।

You might also like