নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্ৰৰ বিশাল মাছৰ পিঠিতো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম, লিখোঁতাক বিচাৰি ৫০০০ ডলাৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম খোদিত কৰিলে সাগৰীয় মাছৰ পিঠিত। মাছটোৰ পিঠিত লিখা আছে ট্ৰাম্প বুলি। ফ্ল’ৰিডা চহৰৰ সমুদ্ৰত দেখা পোৱা প্ৰকাণ্ড সাগৰীয় মাছটোৰ পিঠিত ট্ৰাম্প বুলি লিখা এটা ভিডিঅ’ ভাইৰেল হৈ পৰাত এই কথা পোহৰলৈ আহে।

ঘটনা সন্দৰ্ভত আমেৰিকাৰ ফিছ এণ্ড ৱাইল্ডলাইফ ছাৰ্ভিচে তদন্ত আৰম্ভ কৰিছে। ৱাইল্ড লাইফ আইন অনুযায়ী ট্ৰাম্পৰ নাম লিখা মাছটো অতি দুৰ্লভ প্ৰজাতিৰ মাছ। বাতৰি সংস্থা চিত্ৰাচ কাউণ্টি ক্ৰনিকেলে এই বিষয়ে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। ভিডিঅ’টোত মাছটোৰ পিঠিত ট্ৰাম্পৰ নাম খোদিত কৰাটো স্পষ্ট হৈছে।

কিন্তু কোনে কিদৰে মাছটোৰ পিঠিত ট্ৰাম্পৰ নাম লিখিলে সেয়া এতিয়ালৈকে জানিব পৰা নাই। এৰিজ’নাৰ বেষ্ট চেণ্টাৰ ফৰ বায়োলজিকেল ডাইভাৰচিটীয়ে এই সন্দৰ্ভত স্পষ্ট সম্ভেদ দিব পৰা লোকক ৫০০০ ডলাৰ অৰ্থাৎ ৩ লাখ টকাৰ পুৰস্কাৰ দিব বুলি জনাইছে।

You might also like