নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটি–চন্দ্রপুৰ– বজাৰ বোন্দাত চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ লকডাউনৰ মাজতে শ্রমিকবিৰোধী নীতিৰে চৰকাৰে শ্রম আইন সংশোধন, কামৰ সময় ১২ ঘণ্টালৈ বৃদ্ধি কৰা, তৈলক্ষেত্রকে ধৰি ৰাজহুৱা সম্পদসমূহ কর্প’ৰেট গোষ্ঠীক বিক্রী কৰাৰ সিদ্ধান্তৰ প্রতিবাদত তথা প্রৱাসী শ্রমিকসকলৰ সুৰক্ষাৰ দাবীত আজি এ আই চি টি ইউ, এ আই টি ইউ চি, চি ইউ টিকে ধৰি কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু ফেডাৰেচনসমূহে যৌথভাৱে দেশজুৰি আহ্বান জনোৱা প্রতিবাদ দিৱস শুকুৰবাৰে মহানগৰীতো পালন কৰা হয়৷

মহানগৰীৰ নুনমাটিত কেইবাশ শ্রমিকে লকডাউনৰ নীতি–নিয়ম মানি এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে হাতে হাতে প্লেকার্ড, বেনাৰ আদি লৈ শ্রম আইনৰ সংশোধন নচলিব, কামৰ সময় ১২ ঘণ্টালৈ বৃদ্ধি কৰা নচলিব, তৈলক্ষেত্র ব্যক্তিগতকৰণ কৰা নচলিব, পুঁজিপতি কর্প’ৰেটৰ দালাল বিজেপি চৰকাৰ হায় হায়, ক’ৰোনাৰ নামত দমন–নির্যাতন কিয়, মোদী চৰকাৰে জবাব দিয়ক, নগাঁও–কাছাৰ কাগজ কল, নামৰূপ সাৰ কাৰখানা, এপ’ল আদি উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰক, ঠিকা শ্রমিকক চাটাই কৰা বন্ধ কৰক, ফিক্স পে’ ব্যৱস্থা বাতিল কৰক, দিহিং পাটকাই অভয়াৰণ্য ৰক্ষা কৰক আদি শ্লোগানেৰে প্রতিবাদথলী উত্তাল কৰি তোলে৷

প্রতিবাদথলীত এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেন কলিতা আৰু সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে কেন্দ্র আৰু ৰাজ্য চৰকাৰে লকডাউনৰ সুযোগ লৈ পুঁজিপতি আৰু কর্প’ৰেট গোষ্ঠীৰ স্বার্থত শ্রমিক শ্রেণীৰ সকলো আইনী অধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা চলাইছে বুলি উল্লেখ কৰে৷ আনহাতে, চৰকাৰে ঘোষণা কৰা ২০ লাখ কোটি টকীয়া তথাকথিত ‘আত্মনির্ভৰশীল ভাৰত’ গঢ়াৰ পেকেজত শ্রমিক শ্রেণীৰ স্বার্থত এটাও শব্দ উচ্চাৰণ কৰা নাই বুলি অভিযোগ কৰে৷ আনহাতে, এই দিৱসৰ লগত সংগতি ৰাখি চন্দ্রপুৰ হাইস্কুল তিনিআলিত চন্দ্রপুৰ শ্বেয়াৰ আৰু টুৰিষ্ট টেক্সি চালক সন্থা আৰু অল ইণ্ডিয়া চেণ্ড্রেল কাউন্সিল অৱ ট্রেড ইউনিয়নছ, চন্দ্রপুৰৰ যৌথ উদ্যোগত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ চন্দ্রপুৰৰ প্রতিবাদী কার্যসূচীত শ্রমিক নেতা ধীৰাজ দাস উপস্থিত থাকে৷

You might also like