নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটি–গোপাল নগৰত কণ্টেইনমেণ্ট জ’নত ছেনিটাইজেচনৰ নামত ল’ৰা ধেমালি

নিয়মীয়া বাৰ্তা, ২৩ মেঃ  যোৱা বুধবাৰে মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত শান্তি পথৰ এগৰাকী লোকৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ পিছত বৃহস্পতিবাৰে তেওঁৰ পৰিয়ালটোক হোম কোৱাৰেইণ্টাইনৰ বাবে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাসমূহ মানি চলিবলৈ নির্দেশ দিছিল৷ কিন্তু বৃহস্পতিবাৰেই দিনৰ ভাগত আক্রান্ত ব্যক্তিৰ পৰিয়ালক হোম কোৱাৰেইণ্টাইন কৰিছিল যদিও গোপাল নগৰৰ শান্তি পথ অঞ্চল সন্ধিয়াৰ ভাগলৈ প্রশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা নকৰাত স্থানীয় অঞ্চলবাসী ৰাইজ আতংকিত হৈ পৰে৷ জিলা প্রশাসনক অঞ্চলটো কণ্টেইমেণ্ট জ’ন ঘোষণা কৰিবলৈ দাবী জনাইছিল অঞ্চলটোৰ ৰাইজে৷

পিছত সন্ধিয়াৰ ভাগত প্রশাসনে অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ যিহেতু স্বাস্থ্য বিভাগৰ নির্দেশমর্মে কণ্টেইনমেণ্ট জ’নত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিব লাগে, সেই উদ্দেশ্যে আজি বিভাগীয় কর্তৃপক্ষৰ এটি দলে উক্ত অঞ্চলটোত ছেনিটাইজেচনৰ ব্যৱস্থা গ্রহণ কৰে৷ কিন্তু এই ছেনিটাইজেচনৰ নামত স্থানীয় ৰাইজে সম্পূর্ণৰূপে ল’ৰা–ধেমালি কৰা বুলি অভিযোগ কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে ছেনিটাইজেচন কৰিবলৈ অহা কর্মচাৰীসকলে স্বাস্থ্য বিধি অনুযায়ী সুৰক্ষা কৱচ নিপিন্ধাকৈ খালি ভৰিৰে উক্ত অঞ্চলত ছেনিটাইজ কৰে৷ তদুপৰি ছেনিটাইজেচনত বিজ্ঞানসন্মতভাৱে পানী ব্যৱহাৰ কৰিব লাগে যদিও শান্তি পথ অঞ্চলত থকা কুঁৱাৰ পানী মেচিনত ভৰাই স্প্রে কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ এনেদৰে কোনো সুৰক্ষা নোলোৱাকৈ কর্মচাৰীক ক’ৰোনাবিৰোধী সংগ্রামত নমোৱাত অঞ্চলটোৰ সচেতন লোকৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ লগতে ৰোগ সংক্রমণ হোৱাৰ আশংকাত ভুগিছে৷ স্থানীয় ৰাইজৰ দাবী প্রশাসনে সম্পূর্ণ বিজ্ঞানসন্মতভাৱে অঞ্চলটোত ছেনিটাইজেচনৰ ব্যৱস্থা গ্রহণ কৰক৷

You might also like