নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীয়াধলৰ বানত ডুবিল ধেমাজি, ভূটানৰ কুৰিশ্বুৰ পানীয়ে বিপদ মাতিছে পুঠিমাৰীলৈ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড–১৯ৰ দ্রুত সংক্রমণ তথা আতংকৰ মাজতে বছৰটোৰ প্রথম বানে ৰাজ্যৰ প্রান্তে প্রান্তে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ অহা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে ওফন্দি উঠা কেইবাখনো নৈ–উপনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীর্ণ অঞ্চল৷ শ শ বিঘাৰ কৃষিভূমি বানত ডুব গৈছে৷ দীর্ঘদিনীয়া লকডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা কৃষক ৰাইজে বানৰ তাণ্ডৱত মূৰে–কপালে হাত দিবলগীয়া হৈছে৷

অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি সাম্প্রতিক বানত ক্ষতিগ্রস্ত হৈছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্রৰ দুখনকৈ গাঁও৷ শেহতীয়া প্রবল বৃষ্টিপাতৰ ফলত কুৰিশ্বু নৈৰ জলপৃষ্ঠ ভয়ংকৰ গতিত বৃদ্ধি পাবলৈ ধৰে৷ আনকি কুৰিশ্বু বান্ধৰ ওপৰৰেও বাগৰিছে জলৰাশি৷ এনে অৱস্থাত কালি সন্ধিয়াৰ ভাগত ভূটান চৰকাৰে কুৰিশ্বু বান্ধৰ পানী নামনিলৈ এৰি দিয়ে৷ যাৰ পৰিণতিত বেঁকী নৈৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰা বুলি জানিব পৰা গৈছে৷

সেইদৰে বৰপানী নৈৰ প্রবল বানে শুকুৰবাৰে পুৱতিনিশা মাধৱপাৰা–জুৰিপাৰ পথ তথা মথাউৰিৰ ৰাজআলিত ছিগা অংশইদি বাগৰি আহি বৃহৎ অঞ্চল জলমগ্ন কৰিছে৷ তদুপৰি পখিলা জাৰণিৰ মথাউৰিৰ এটা অংশ ছিঙি পেলোৱাৰ বাতৰি পোৱা গৈছে৷ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ধনশ্রী আৰু জামপানী নৈৰ জলপৃষ্ঠ৷

বানৰ সমান্তৰালভাৱে ৰাজ্যৰ কেইবাঠাইতো অব্যাহত আছে গৰাখহনীয়া৷ এই সন্দর্ভত অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্যত উল্লেখ কৰা মতে, শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত ব্রহ্মপুত্র, বিহিয়াগাঁও, টেঙাবস্তি, কৰৈয়নি, নেপালীবস্তি, খালৈবিলত জীয়াভৰলী আৰু মেঘাই জাৰণিত গাভৰু নৈৰ গৰাখহনীয়া অব্যাহত আছে৷ যিয়ে স্থানীয় ৰাইজৰ মাজত তীব্র আতংকৰ সৃষ্টি কৰিছে৷

নীপকোৱে এৰিলে ৰঙানদীত পানীঃ কালৰূপ ধৰা নদীখনৰ বানৰ কবলত কুৰিখনৰো অধিক গাঁওঃ উটুৱাই নিলে চাৰিখন দলং

ক’ৰোনা মহামাৰীৰ ভয়াৱহ সংক্রমণত সকলো কম্পমান হৈ থকাৰ মাজতে লখিমপুৰত ভূতৰ ওপৰত দানহ পৰা দি যোৱানিশাৰে পৰা আৰম্ভ হৈছে ৰঙানদীৰ বানৰ তাণ্ডৱ৷ সাগৰীয় ঘূর্ণি বতাহ উম্পুনৰ পার্শ্বক্রিয়াত পৰহিৰ পৰা লেথাৰি নিছিগাকৈ হৈ থকা বৰষুণে জনজীৱন বিপর্যস্ত কৰাৰ মাজতে যোৱানিশাৰ পৰা ৰঙানদী জলবিদ্যুৎ প্রকল্প নির্মাণকাৰী প্রতিষ্ঠান ‘উত্তৰ–পূব শক্তি নিগম’ চমুকৈ নীপকোৱে প্রকল্পৰ ৫নং গেট খুলি জলাধাৰৰ অতিৰিক্ত পানী ৰঙানদীত এৰি দিয়ে৷ দুপাৰ উপচি পৰা নদীখনৰ পানীয়ে লখিমপুৰ নগৰৰ নামনি দিশে আমতলা, দোৱাপাৰ, জৈনপুৰ আদি বহু গাঁও বুৰাই পেলোৱাৰ উপৰি এলেকাটোত ৰঙানদীৰ ওপৰত থকা বাঁহ–কাঠৰ দলং উটুৱাই লৈ যায়৷ আনহাতে উক্ত এলেকাত মথাউৰি উন্মুক্ত হৈ থকাত বৃহৎ অঞ্চলটোৰ শতাধিক গাঁৱৰ প্রতি নদীখনে ভাবুকিৰ সৃষ্টি কৰিছে৷ নগৰখনৰ উজনি দিশেও নদীখনে ৰুদ্রমূর্তি ধাৰণ কৰিছে৷ বিশেষকৈ ১নং আৰু ২নং পাঁচনৈ, কুলাবিল, ডিজুপথাৰ, ডিজু চাপৰি, নাৰায়ণপুৰীয়া, পাভ নদী আদি দহখন মান গাঁও বানৰ কবলত পৰিছে৷

You might also like