নিশা ক’ভিড-১৯ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ MMCH ত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নতুনকৈ ক’ভিড-১৯ আক্ৰান্ত হোৱা ৪ জনকৈ লোকৰ স্বাস্থ্যৰ বুজ ল’বলৈ নিশা মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
লগতে এই ক’ভিড-১৯ আক্ৰান্ত ৰোগীকেইজনৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী গৰাকী আলোচনাত মিলিত হয়।
Four #COVID19 patients are kept in isolation at MMCH. Visited the Hospital to enquire about conditions of these patients. Also met doctors to enquire about their well-being and requested them to take all necessary precautions while attending to patients. pic.twitter.com/YOID1joeiI
— Himanta Biswa Sarma (@himantabiswa) April 3, 2020
উল্লেখ্য যে শুকুৰবাৰে পুনৰ ৰাজ্যত নতুনকৈ ৪ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় । আজি নতুনকৈ আক্ৰান্ত লোককেইজনো দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব পৰা গৈছে । আজি নতুনকৈ আক্ৰান্ত ৪ জনৰ ভিতৰত ৩ জন হৈছে নলবাৰীৰ আৰু ১ জন দক্ষিণ শালমৰাৰ ।