নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণিকা কাপুৰৰ পাছত এইবাৰ কিৰণ কুমাৰৰ গাত ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ২৪ মে’:  কিছুদিন পূৰ্বে বলীউডৰ বিখ্যাত কণ্ঠশিল্পী কণিকা কাপুৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত এইবাৰ বলীউডৰ আন এজন বিখ্যাত অভিনেতা কিৰণ কুমাৰৰ গাত ধৰা পৰিছে ক’ৰোনা পজিটিভ ।
খবৰ অনুসৰি, কিৰণ কুমাৰৰ গাত ক’ৰোনাৰ কোনো লক্ষণ নাছিল । তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছিল । তেওঁ জ্বৰ বা কাঁহত আক্ৰান্তও হোৱা নাছিল । তাৰ পাছতো কিন্তু অভিনেতাজনৰ শৰীৰত ধৰা পৰিল ক’ৰোনা পজিটিভ ।
অৱশ্যে বৰ্তমান কিৰণে নিজ বাসগৃহত আইছোলেশ্যনত আছে । লগতে তেওঁ শীঘ্ৰে দ্বিতীয়টো টেষ্ট কৰাব ।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ক’ৰোনা পজিটিভ হৈ কেইবা সপ্তাহ ধৰি চিকিৎসালয়ত থকা কণ্ঠশিল্পী কণিকা কাপুৰ বৰ্তমান ক’ৰোনাৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ।
ইফালে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, বৰ্তমান পৰ্যন্ত দেশত ১ লাখ ২৫ হাজাৰ ১০১ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে । ইয়াৰে ৩,৭২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৯,৫৯৭ জন লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
You might also like