নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ নিজেই ৫ হাজাৰ কিঃমিঃ গাড়ী চলাই পুত্ৰক ভূপালৰ পৰা আনিলে নয়নমণি ডেকাই

নিয়মীয়া বাৰ্তা ২৪ মেঃ প্ৰতিগৰাকী সন্তানৰ বাবে পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থান হৈছে আইৰ কোলা। সেই কাৰণে হয়তো কোৱা হয় আইৰ সমান হব কোন, নৈৰ সমান বব কোন। মাতৃ আৰু সন্তানৰ এই মমতাময়ী সম্পৰ্ক পৃথিৱীৰ কোনো সম্পৰ্কৰ সৈতে তুলনা নহয়। যুগে যুগে এই সম্পৰ্ৰকক উজ্জীৱিত কৰা বহু কাহিনীয়ে চুই যায় আমাৰ হৃদয়৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনত বহিঃৰাজ্যত আবদ্ধ হৈ পৰা পুত্রক আনিবলৈ এগৰাকী মাতৃয়ে ৫ হাজাৰ কিলোমিটাৰ গাড়ী চলাই যোৱা ঘটনাই চুই গৈছে ৰাজ্যবাসীৰ হৃদয়৷

নাম তেওঁৰ নয়নমণি ডেকা৷ ঘৰ গুৱাহাটীৰ ছয়মাইলত৷ পুত্র মাধুর্য মাধৱ বৰা জার্মানীৰ ডি এফ এফ আই ফুটবল ক্লাবৰ এজন খেলুৱৈ৷

যোৱা মার্চত অস্থিবন্ধনীত পোৱা আঘাতৰ বাবে জার্মানীৰ পৰা ঘৰলৈ আহিছিল মাধুর্য৷ কিন্তু দেশজুৰি ঘোষণা কৰা লকডাউনৰ বাবে মাধুর্য আবদ্ধ হৈ পৰে ভূপালত৷ দিন পাৰ হোৱাৰ লগে লগে ভূপালত তেওঁ ভিন্ন অসুবিধাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে৷ ভিন্ন চেষ্টা কৰিয়ো তেওঁ গুৱাহাটীলৈ উভতি আহিবলৈ সক্ষম নহ’ল৷

অৱশেষত কঠোৰ এক সিদ্ধান্ত ল’বলগীয়া হ’ল মমতাময়ী এইগৰাকী মাতৃয়ে৷ নিজেই গাড়ী চলাই গৈ পুত্রক ভূপালৰ পৰা অনাৰ সিদ্ধান্ত গ্রহণ কৰিলে নয়নমণি ডেকাই৷ লগত ল’ৰা লৈ ১১ মে’ত তেওঁ গুৱাহাটীৰ পৰা ভূপাল অভিমুখে যাত্রা আৰম্ভ কৰে৷

গুৱাহাটীৰ পৰা প্রায় ২৫০০ কিলোমিটাৰ গাড়ী চলাই উপস্থিত হয় ভূপালত৷ পুনৰ পুত্রক লৈ আৰম্ভ কৰে ওভতনি যাত্রা৷ এনেদৰেই ৫ হাজাৰ কিলোমিটাৰৰ এক দুঃসাহসিক যাত্রা সম্পূর্ণ কৰি তেওঁ ঘৰলৈ ওভতাই আনিলে পুত্র মাধুর্যক৷

এই দীঘলীয়া যাত্রাৰ সময়ত মাত্র এঘণ্টাৰ বাবে জিৰণি লৈছিল নয়নমণি ডেকাই৷ সম্প্রতি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত যোৱা ১৫ মে’ৰ পৰা তেওঁলোক হোম কোৱাৰেণ্টাইনত আছে৷ পুত্রক উদ্ধাৰৰ বাবে সম্পন্ন কৰা এই দীঘলীয়া যাত্রাৰ অভিজ্ঞতা সংবাদ মাধ্যমৰ আগত বর্ণনা কৰি তেওঁ কয়–‘এই যাত্রা কালত এবাৰ ৰাস্তা ভুল কৰি বিপদৰো সন্মুখীন হৈছিলাঁ৷ নেভিগেচন অনুসৰণ কৰি এটা দীঘলীয়া টার্নিং লৈ আমাৰ গাড়ীখন এখন নদীৰ সন্মুখত ৰৈ গৈছিল৷ দেখিছিলোঁ সন্মুখৰ নদীখন সম্পূর্ণ শিলেৰে ভৰা৷ এক মুহূর্তৰ বাবে অসহায়বোধ কৰিছিলোঁ যদিও সুদৃঢ় মন এটা লৈ গাড়ীখন ঘূৰাই পুনৰ যাত্রা আৰম্ভ কৰিছিলোঁ৷’

You might also like