নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যাত লখিমপুৰৰ বিশিষ্ট মুখাশিল্পী সুস্মিতা বৰাৰে সাক্ষাৎকাৰ

সাক্ষাৎ গ্রহণঃ জীৱন গোস্বামী
ফোনঃ ৯৮৫৪১–৯০০৫২

মুখাশিল্পৰ প্রতি আপুনি কিদৰে আকর্ষিত হ’ল? এইক্ষেত্রত সত্রৰ প্রভাৱ পৰিছিল নেকি?
মই সৰুৰে পৰা যিহেতু মুখাশিল্পৰ সত্রতে ডাঙৰ হৈছো, সৰুৰ পৰা মুখাশিল্পৰ পৰিৱেশ পাই অহাৰ কাৰণে মুখাশিল্পৰ প্রতি দুর্বলতা এটা থকাটো স্বাভাৱিক কথা আছিল৷ তাতে আকৌ মই ছবি আঁকি ভাল পোৱা ছোৱালী আছিলো৷ সৰুৰ পৰাই আমাৰ সত্রৰ মুখাশিল্পক আন ঠাইৰ মানুহৰ আগত উপস্থাপন কৰি সদায় গৌৰৱ কৰিছিলো৷ কিন্তু ভৱিষ্যতে এগৰাকী নাৰী হিচাপে মুখাশিল্প শিকি সমাজৰ উঠি অহা নতুন প্রজন্মৰ মাজলৈ এই মুখাশিল্পক উলিয়াই অনাৰ পদক্ষেপ ল’ম বুলি সপোনতো ভৱা নাছিলো৷ মই যিহেতু আমাৰ ঘৰত কোনোবা অতিথি আহিলেই আমাৰ সত্রৰ মুখা চাবলৈ লৈ যাওঁ সেয়ে ২০২০ চনৰ কোনোবা এটা দিনত কেইজনমান অতিথিক মুখা চাবলৈ লৈ গৈছিলো৷ সেইদিনাই পৃথিৱী বিখ্যাত বিশিষ্ট মুখাশিল্পী ‘পদ্মশ্রী’ হেমচন্দ্র গোস্বামীয়ে তেখেতসকলৰ ঘৰলৈ যাওঁতে অতিথিসকলৰ সন্মুখতে মোৰ চিত্রকলাৰ কামবোৰৰ খুব শলাগ ল’লে আৰু উৎসাহ দিলে, লগতে মোক মুখাশিল্প শিকাৰ কথাও ক’লে৷ তেওঁ সেইদিনা মোক কৈছিল যে আমাৰ সত্রৰ পৰা কোনো এজনী ছোৱালীয়ে তেনেকৈ শিকা নাই, তুমি ইমান ধুনীয়াকৈ ছবি আঁকা তুমি মুখা বনাবলৈ শিকি লোৱা, তুমি পাৰিবাই, আমি আছেছা নহয় তোমাৰ লগত৷ মোৰ সেই সময়ত সাহস হোৱা নাছিল মুখাশিল্প শিকিবলৈ৷ কিন্তু প্রভুৱে মোক ইমান বেছি সাহস দিলে যে মই মুখা শিকিবলৈ আগ্রহী হৈ পৰিলোঁ৷ ২০২০ চনৰ পৰা প্রভুৰ ওচৰত মই মুখা শিকিবলৈ যাবলৈ আৰম্ভ কৰিলোঁ৷ মাজে মাজে মুখাশিল্প শিকাৰ লগতে ছবি অঁকা কামবোৰো কৰি গ’লো৷ সেই সময়ত মোৰ গুৰুৰ লগতে তেখেতৰ পৰিয়াল আৰু গুৰুৰ শিষ্যসকলে মোক বহুত সাহস দিছিল আৰু প্রেৰণা দিছিল৷ সকলোৱে মোক সেই সময়ত শিকাই-বুজাই আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল৷ এইক্ষেত্রত বিশেষকৈ গুৰুৰ ডাঙৰ পুত্র দিব্যজোতি গোস্বামী দাদাৰ নামটো বিশেষভাৱে ল’ব লাগিব৷ তেখেতৰ মাতৃ আমাৰ আয়ে মোক কোৱা এটা বাক্য মোৰ সদায় মনত পৰে–মুনু তুমি ভালকৈ মুখাশিল্প শিকি লোৱা, বিয়া হোৱাৰ পিছত এদিন তুমি লখিমপুৰতো এই মুখাশিল্প আগবঢ়াই নিব লাগিব৷ এইবোৰ সদায় সাহস হৈ থাকিব মোৰ৷

সাধাৰণতে পুৰুষসকল অধিক পৰিমাণে মুখাশিল্পৰ সৈতে জড়িত৷ মহিলা হিচাপে আপুনি কিছু ব্যতিক্রম৷


আগৰ পৰাই এটা ধাৰণা আছিল যে কিছুমান কাম পুৰুষেহে কৰিব পাৰে, মহিলাই কৰিব নোৱাৰে৷ আচলতে নাৰীসকল স্বভাৱগতভাৱে কোমল, মহিলাই কোনো টান কাম এটা কৰিব নোৱাৰে বুলি সমাজত চলি আহিছে৷ যিহেতু এখন মুখা বনোৱাৰ আগত বাঁহ কাটি তাৰ পৰা কাঠী বনাই সেই কাঠীৰে মুখাৰ খাং বনাই এখন মুখা প্রস্তুত কৰা হয়, তেনেক্ষেত্রত এই কামবোৰ এজন পুৰুষৰ কাৰণে যিমান সহজ এগৰাকী মহিলাৰ কাৰণে সিমানেই কঠিন হৈ পৰে৷ যাৰ কাৰণে কোনোবা মহিলাৰ মন থকা সত্ত্বেও এই কাম শিকিবলৈ সাহস কৰিব নোৱাৰে৷ মই ভাবোঁ, ইয়াত পুৰুষ আৰু মহিলাৰ মাজত কোনো পার্থক্য থাকিব নোৱাৰে৷

এই শিল্পকর্মৰে জড়িত হোৱাৰ ক্ষেত্রত আপোনাৰ পিতৃ–মাতৃ আৰু আত্মীয়সকলৰ সহযোগিতা কেনে?
পৰিয়ালৰ সহযোগিতা অবিহনে মই হয়তো ইমানখিনিলৈকে আহিবই নোৱাৰিলোঁহেঁতেন৷ মোৰ মাজুলীৰ মা–দেউতাৰ লগতে মোৰ একমাত্র খুৰী জোনমণি ৰাজখোৱা বৰাৰ নামটো বিশেষভাৱে ল’বই লাগিব৷ মোৰ মায়ে মোৰ ভাল লগা প্রতিটো ভাল কামত সৰুৰে পৰাই ছছাটোৰ দৰে সাহস দি আহিছে, সেইখিনি কেতিয়াও লিখি শেষ কৰিব নোৱাৰোঁ৷বহুত কষ্টৰ মাজতো মায়ে মোক আগবঢ়াই লৈ আহিবলৈ কেতিয়াও পিছ হুঁহকি ৰোৱা নাছিল৷ জীৱনত বহুবাৰ বহুত বেছি বেয়াকৈ ভাগিও পৰিছেছা, সেইখিনি মুহূর্তত মা–দেউতাই দিয়া সাহসবোৰ আজিও চকুৰ আগত আছে৷ খুৰীৰ সাহস আৰু প্রেৰণাই মোক বহুত বেছি আগবঢ়াই আনিলে৷ লখিমপুৰৰ মোৰ স্বামীৰ ঘৰখনৰ প্রতিজন সদস্যই আজি ৫ বছৰে যিখিনি মোক সমর্থন কৰি আহিছে তাৰ কাৰণে নিজকে বহুত বেছি ভাগ্যৱান যেন লাগে৷ মোৰ স্বামী অভিজিত ভূঞাই নিজৰ কাম পিছ পেলাই হ’লেও মোৰ কাৰণে যিখিনি ত্যাগ কৰিছে সঁচাই মই মোৰ স্বামী হিচাপে সদায় গৌৰৱ কৰোঁ৷ এজনী দুই–তিনি বছৰীয়া ছোৱালীক এৰি যেতিয়া দিনে–ৰাতিয়ে নিজৰ কামত লাগিব লগা হয় যেতিয়া কোনোবা মুহূর্তত যেতিয়া আৰু নোৱাৰিম যেন অনুভৱ হয়, তেতিয়া মোৰ শাহুমা আৰু শহুৰ দেউতাই দিয়া সাহসবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ তদুপৰি মোৰ সমস্ত পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈকে প্রতিজন সদস্যই মোক দিয়া সাহস আৰু প্রেৰণাই মোক আজি ইমানখিনি পোৱাইছেহি৷

বর্তমান সময়ত অসমত মুখাশিল্পৰ গুৰুত্ব কেনে বুলি ভাবে?
বর্তমান সময়ত অসমৰ মুখাশিল্পই বিশ্ব দৰবাৰত বিশেষ স্থান লাভ কৰিছে৷ প্রধানকৈ পৰম্পৰাগত ভাওনাৰ উপৰি উপহাৰ হিচাপেও ব্যৱহাৰ হৈছে৷ এইক্ষেত্রত মাজুলীৰ শ্রীশ্রী চামগুৰি সত্রই এই শিল্পক পুনৰ জীৱিত কৰি তুলিছে আৰু বিভিন্ন নতুন কৌশল ব্যৱহাৰ কৰি মুখাশিল্পই এক নতুন মাত্রা লাভ কৰিছে৷ এই শিল্পৰ ইমান জনপ্রিয়তা বৃদ্ধি পাইছে যে মুখা ভাওনাই বিশ্বজুৰি জনপ্রিয়তা লাভ কৰিছে৷ মুখাৰ চকু, মুখ আৰু হাত সঞ্চালনৰ বাবে যি উন্নত মানৰ কৌশল ব্যৱহাৰ কৰা হৈছে ই বিশেষভাৱে জনাজাত৷ মুখাক কেৱল ভাওনাতে সীমাবদ্ধ নাৰাখি উপহাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছে আৰু বহু দেশী–বিদেশী পর্যটকে ইয়াক সংগ্রহ কৰে৷ মুখাশিল্পৰ বিশেষ পদ্ধতি ব্যৱহাৰ কৰি মুখা নির্মাণ কৰিছে, কিন্তু কিছুমান শিল্পীয়ে আধুনিক ৰং আৰু পদ্ধতিৰ ওপৰত গুৰুত্ব দিছে৷ কৃত্রিম ৰঙৰ ব্যৱহাৰে মুখাৰ স্থায়িত্বৰ ওপৰত নেতিবাচক প্রভাৱ পেলাব পাৰে৷ আনহাতে হেঙুল আৰু হাইতালৰ দৰে পৰম্পৰাগত ৰঙত ইয়াৰ স্থায়িত্ব বেছি৷ বাঁহ, বেত, কুমাৰ মাটি, গোবৰ আৰু কাগজৰ দৰে জৈৱ–বিচ্ছিন্ন সামগ্রীৰে মুখা নির্মাণ কৰাত গুৰুত্ব দিয়া হৈছে৷

মুখাশিল্পৰ সম্প্রসাৰণৰ বাবে আৰম্ভ কৰা ‘সৃষ্টিৰ সপোন’ নামৰ অনুষ্ঠানটো সম্পর্কে কি ক’ব?
‘সৃষ্টিৰ সপোন’ৰ বিষয়ে কোৱাৰ আগতে মই এটা কথা কৈ লওঁ যে মোৰ সৰুৰে পৰা এটা ডাঙৰ সপোন আছিল যে মই মোৰ ভাল লগা কামটোৰেই নিজক সমাজৰ আগত পৰিচয় কৰাম আৰু নিজক প্রতিষ্ঠিত কৰিম৷ এই সৰুতেই দেখা সপোনটোৰ এটা অংশ হৈছে এই ‘সৃষ্টিৰ সপোন’৷ সৃষ্টিৰ সপোন ২০২২ চনত খোলা এটা ফেচবুক পেজ আছিল মাত্র৷ কিন্তু ২০২৫ চনত এই পেজখনকে আমি এক অনুষ্ঠানলৈ ৰূপান্তৰ কৰিলোঁ৷ যিটো অনুষ্ঠানৰ জৰিয়তে আমি মাজুলীৰ মুখাশিল্পৰ লগতে মোৰ নিজা হস্তনির্মিত কিছুমান সামগ্রী ৰাইজৰ মাজলৈ উলিয়াই আনিম৷ এই অনুষ্ঠানত আহি সকলোৱে মুখাশিল্প চাব পাৰিব, জানিব পাৰিব, শিকিব পাৰিব লগতে ভাল লগাবোৰ কিনিবও পাৰিব৷ এই অনুষ্ঠানটো যোৱা ১৮ নৱেম্বৰ অর্থাৎ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ওপজা দিনৰ বিশেষ দিনটোত লখিমপুৰৰ সকলোৰে পৰিচিত দিকপল লাহন দাদাৰ গ্রাম্য পর্যটনস্থলী গ্রাম্যানুভূতিত এই ‘সৃষ্টিৰ সপোন’ নামৰ অনুষ্ঠানটো মুকলি কৰিলোঁ৷ এইখিনিতে আৰু এটা কথা কওঁ যে আজি ৭বছৰে মোক বিশেষভাৱে প্রতিটো ক্ষেত্রত সাহস দি অহা মোৰ ভাতৃপ্রতিম দিকপল লাহন দাদালৈ বহুতধন্যবাদ৷ তেওঁৰ অবিহনে হয়তো আজি মই ইমানখিনি কৰিবলৈ সাহস নকৰিলোঁহেঁতেন৷

আপোনাৰ জীৱন আৰু কেৰিয়াৰত চামগুৰি সত্রৰ প্রভাৱ কিদৰে পৰিছিল?
মোৰ জীৱন আৰু কেৰিয়াৰত চামগুৰি সত্রৰ প্রভাৱ সৰুৰ পৰাই পৰি আহিছে৷ সৰুতে যেতিয়া মায়ে তাঁতশালত বিভিন্ন কাপোৰত ফুল বাছি উলিয়াইছিল, সেই তেতিয়াই মোৰ তুলিকাত সেই মায়ে বছা ফুলবোৰ আঁকিবলৈ চেষ্টা কৰিছিলো৷ মুখাশিল্প সৰুৰ পৰাই দেখি আহিছেছা, মুখাত ব্যৱহাৰ হোৱা কুমাৰৰ মাটিৰ লগতো আমাৰ সৰুৰ পৰাই চিনাকি৷ সেই সৰুতেই মুখা বনাব নোৱাৰিলেও কুমাৰৰ মাটিৰে নহ’লেও বেলেগ মাটিৰে হ’লেও ঘৰতে মাটিৰে বিভিন্ন বস্তু যেনে ৰঙলাও, বিলাহী, আপেল আদিকে ধৰি বিভিন্ন বস্তু বনাইছিলো, যিহেতু মই ছবি আঁকিও সৰুৰ পৰাই খুব ভাল পাইছিলো৷ কেৰিয়াৰৰ ক্ষেত্রত চামগুৰি সত্রৰ লগতে মোৰ সৰু মামা দিগন্ত শইকীয়াৰ নামটো ল’বই লাগিব৷ সেই মামাৰ জৰিয়তে মই কেইবাখনো বিদ্যালয়কে ধৰি বহুতো ছাত্র–ছাত্রীক মই চিত্রকলা বিষয়টো শিকাবলৈ সুবিধা পাইছিলো৷ যাৰবাবে মই পিছৰ পর্যায়ত চিত্রকলা বিষয়ত আগবাঢ়ি যাবলৈ বহুত বেছি সুবিধা হৈছিল৷

আপোনাৰ অধীনত মুখা নির্মাণত কিমান শিল্পী বা পৰিয়াল জড়িত হৈ আছে?
বর্তমান মোৰ এই ‘সৃষ্টিৰ সপোন’ নামৰ অনুষ্ঠানটোৰ লগত ৭জন শিল্পী জড়িত হৈ আছে৷ প্রথম অৱস্থাত সকলো অকলেই কৰিছিলো৷ কিন্তু এতিয়া অনুভৱ কৰিলোঁ যে আমাৰ অনুষ্ঠানটোৰ লগত আমাৰ মাজুলীৰ মুখাৰ লগত জড়িত যুৱকসকলকো জড়িত কৰোৱাটো প্রয়োজন৷ অগ্রজ শিল্পীসকলৰ লগতে উঠি অহা প্রজন্মৰ সৰু সৰু মুখাশিল্পীসকলকো মই মোৰ এই অনুষ্ঠানৰ লগত জডিত কৰাইছো, যাতে ভৱিষ্যতে সমাজত এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকো পৰিচিত হয়৷ এই অনুষ্ঠানৰ জৰিয়তে যাতে তেওঁলোকে কাম কৰিবলৈ উৎসাহিত হয় আৰু জীৱিকা উপার্জনৰ পথ মুকলি কৰিব পাৰে তাৰো সম্পূর্ণ ব্যৱস্থা কৰিছোঁ৷

আপুনি কেতিয়া বিবাহপাশত আবদ্ধ হৈছিল? বিবাহৰ পিছত আপুনি এই শিল্পৰ সৈতে জডিত হোৱাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হৈছে নেকি?
মই ২০২১ চনত লখিমপুৰ জিলাৰ আজাদ গড়েহগা অঞ্চলৰ নিৱাসী শ্রীভিজিত ভূঞাৰ লগত বিবাহপাশত আবদ্ধ হৈছিলো৷ বিবাহৰ পিছত মই এই শিল্পৰ সৈতে জড়িত হোৱাৰ ক্ষেত্রত কিছু অসুবিধা নহা নহয় আহিছিল৷ কিন্তু মোৰ স্বামীৰ ঘৰখনৰ প্রতিজন সদস্যৰ পৰা মই ইমানেই সমর্থন পালোঁ যে মই পিছলৈ মোৰ এই কামখিনিক আগবঢ়াই নিবলৈ সক্ষম হ’লোঁ৷ প্রথম যেতিয়া এজনী কন্যা সন্তানৰ মাতৃ হৈছিলো তেতিয়া দুবছৰমানলৈ মোৰ এই কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্রত বহুত অসুবিধা আহিছিল৷ সেই কণমানি সন্তানটোক লৈ মাজুলীত গৈ মুখা শিকাটো, মুখাৰ কাম কৰি যোৱাটো মোৰ কাৰণে বৰ জটিল আছিল৷ কিন্তু লাহে লাহে মোৰ স্বামীৰ ঘৰৰ প্রতিজন মানুহে বিশেষকৈ মোৰ শাহুমায়ে সকলো চম্ভালি লৈছিল, যাৰবাবে আজি মই এইখিনি কৰিবলৈ আগবাঢ়ি আহিব পাৰিছেছা৷ যিহেতু মোৰ শাহুমা এগৰাকী শিক্ষয়িত্রী সেয়ে তেওঁ মোৰ প্রতিটো সুবিধা–সুবিধা বুজি পাইছিল৷

মহিলা সম্পর্কে আপোনাৰ ধাৰণা কেনে ধৰণৰ?
মহিলা সম্পর্কে মোৰ ধাৰণা কি বুলি ক’বলৈ গ’লে বহুকেইটা দিশে চুই যায়৷ এখন সমাজত এগৰাকী শিক্ষিত মহিলাই নিজৰ অধিকাৰসমূহ ভালদৰে বুজি পায় আৰু সমাজত সচেতনতা আনিবলৈ তেওঁলোকে যত্ন কৰে৷ নিজৰ ভৰিত থিয় দি পৰিয়ালৰ উপার্জনত সহায় কৰিবলৈ আগবাঢ়ি আহে৷ কিন্তু নিৰক্ষৰ মহিলা এগৰাকীয়ে ইমান কথা বুজি নাপায়৷ মোৰ লক্ষ্য আছে যে মই ‘সৃষ্টিৰ সপোন’ৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হ’বলৈ হাতে–কামে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম৷ অর্থাৎ লিংগ সমতা স্থাপন, অর্থনৈতিক বিকাশ, সামাজিক উন্নয়ন আৰু মহিলাসকলক আত্মনির্ভৰশীল আৰু সক্ষম কৰি তোলাৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিবলৈ চেষ্টা কৰিম৷ ইয়াক বিশেষকৈ শিক্ষা, স্বাস্থ্য আৰু আইনগত অধিকাৰৰ জৰিয়তে সম্ভৱ কৰিব পাৰি, যাৰ ফলত মহিলাসকলে সমাজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ মহিলা সবলীকৰণৰ প্রয়োজনীয়তা, লিংগ সমতা স্থাপন, পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্য আঁতৰাবলৈ আৰু এখন সমতাপূর্ণ সমাজ গঢ়ি তুলিবলৈ মহিলা সবলীকৰণ অত্যাৱশ্যকীয়৷ মহিলাসকলক অর্থনৈতিকভাৱে স্বয়ংসম্পূর্ণ আৰু আত্মনির্ভৰশীল কৰিলে দেশৰ অর্থনৈতিক বিকাশত, উন্নয়নত সহায় কৰিব পাৰি৷

মুখাশিল্প বা নির্মাণৰ সময়ত আপুনি কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে?
মুখাশিল্প নির্মাণৰ সময়ত এগৰাকী মহিলা হিচাপে মই কিছুমান সমস্যাৰ সন্মুখীন নোহোৱা নহয়৷ মুখা সাজিবৰ বাবে প্রথম বাঁহ কাটি তাৰ পৰা কাঠী উলিয়াই খাঙৰ কাম কৰা হয়, যিটো মোৰ কাৰণে বহুত বেছি কষ্টকৰ আছিল৷ যেতিয়া বাঁহৰ পৰা কাঠী বনাইছিলো বহু সময়ত মই হাতত আঘাতো পাইছিলো৷ তথাপি মই কোনোদিন হতাশ হোৱা নাছিলো৷বর্তমান সময়ত আমি বাঁহৰ খাঙৰ লগতে থার্ম’কল ব্যৱহাৰ কৰিও এখন মুখা প্রস্তুত কৰিবৰ কাৰণে কিছুমান গাঁথনি বনাই উলিয়াইছেছা৷ সেইবোৰ মুখা মানুহে গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব৷ সৰু সৰু সৰু ছাত্র– ছাত্রীসকলক যেতিয়া মুখা বনাবলৈ শিকাওঁ তেতিয়া তেওঁলোকে এই বাঁহৰ খাং বনোৱা কামটোত বহুত সমস্যাত পৰা দেখা যায়৷ তেওঁলোকৰ কাৰণে বহুত জটিল হৈ পৰে৷ সেই সময়ত মই তেওঁলোকক মই থার্ম’কল কাগজ ব্যৱহাৰ কৰি তেওঁলোকক মুখাশিল্প শিকাওঁ৷ তদুপৰি সকলো ঠাইত বাঁহ উপলব্ধ নহয় সেইটো এটা ডাঙৰ সমস্যা৷ সেয়ে সকলো সমস্যা দূৰ কৰি ২০২৪ত মই থার্ম’কল ব্যৱহাৰ কৰি সৰু সৰু মুখা কিছুমান বনোৱাৰ প্রক্রিয়া আৰম্ভ কৰিলোঁ৷ যিবোৰ মানুহে বর্তমান গৃহসজ্জাৰ কাৰণে নিবলৈ খুব ভাল পাইছে৷

ভৱিষ্যতে কি কি কৰিম বুলি পৰিকল্পনা কৰিছে?
মোৰ ভৱিষ্যৎ পৰিকল্পনা হ’ল যে এই ‘সৃষ্টিৰ সপোন’ৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ মুখাশিল্পক বিশ্বমুখী কৰাৰ লগতে উঠি অহা নতুন প্রজন্মক এই মুখাশিল্পৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে প্রতিবছৰে ছাত্র–ছাত্রীসকলৰ মাজৰ পৰা ৫–১০জনকৈ হ’লেও কর্মশালাৰ জৰিয়তে মুখাশিল্পৰ লগত জডিত কৰোৱা৷ যাতে ভৱিষ্যতে চাকৰি নোপোৱাসকলে বা চাকৰিৰ প্রতি আগ্রহী নোহোৱাসকলে এইশিল্পৰ জৰিয়তেই নিজক ১০জনৰ আগত গৌৰৱেৰে পৰিচয় দিব পাৰে আৰু জীৱিকা উপার্জনৰ পথো মুকলি কৰিব পাৰে৷ ইয়াৰ উপৰি মোৰ ভৱিষ্যতে ‘সৃষ্টিৰ সপোন’ৰ নামত এটাArt gallery কৰাৰ সপোন আছে, যিটোৰ কাম ইতিমধ্যে মই লাহে লাহে আৰম্ভ কৰিছোঁৱেই৷ সেইArt galleryটো মই এনেকুৱাকৈ সজোৱাৰ পৰিকল্পনা কৰিছোঁ যাতে ভৱিষ্যতে লখিমপুৰলৈ দেশী–বিদেশী পর্যটক আহে মোৰ এই ‘সৃষ্টিৰ সপোন’ৰArt gallery চাবলৈ৷ মোৰ সেইArt galleryটোত মাজুলীৰ মুখাশিল্পক মই বিশেষভাৱে উপস্থাপন কৰিম৷ মোৰArt galleryটোত কেৱল মোৰ নিজা হস্তনির্মিত মুখাশিল্প বা নিজৰ হস্তনির্মিত সামগ্রীয়েই নহয়, বিভিন্ন শিল্পীৰ হাতৰ কাম ৰাখিবলৈ মই সুবিধা কৰিম, যাতে সেইসকল শিল্পীকো মোৰ এই ‘সৃষ্টিৰ সপোন’ৰArt galleryৰ জৰিয়তে সকলোৱে চিনি পাব পাৰে৷

You might also like