নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা বিজেপিত আৰম্ভ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

ৰহা বিজেপিত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত৷ ৰহা বিজেপিৰ জনপ্ৰিয় যুৱনেতা তথা ৰহা সমষ্টিৰ এইবাৰ টিকটৰ প্ৰৱল দাবীদাৰ সঞ্জীৱ হাজৰিকাক প্ৰাৰ্থিত্ব বঞ্চিত কৰাত তেওঁৰ সমৰ্থকসকলৰ মাজত ক্ষোভৰ জুই জ্বলিছে৷

বিগত ১৫/১৬ বছৰে ৰাইজৰ মাজত সক্ৰিয়তাৰে দলৰ কাম কৰি জনপ্ৰিয় হৈ পৰা সঞ্জীৱ হাজৰিকাক এইবাৰ প্ৰাৰ্থিত্ব দিবলৈ প্ৰৱল দাবী তুলিছিল৷ কিন্তু দলীয় নেতৃত্বই ন বিজেপি শশীকান্ত দাসক প্ৰাৰ্থিত্ব দিয়াত সঞ্জীৱ হাজৰিকাৰ সমৰ্থকসকলে মানি ল’ব পৰা নাই৷

ইয়াৰ পূৰ্বেও ২০১৬ আৰু ২০২১ চনতো দলীয় প্ৰাৰ্থিত্ব বিচাৰি বিমুখ হৈছিল সঞ্জীৱ হাজৰিকা৷ শনিবাৰে সঞ্জীৱ হাজৰিকাৰ সমৰ্থকসকল এক আলোচনাত মিলিত হয় আৰু সঞ্জীৱ হাজৰিকাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ সম্ভাৱনা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে সমৰ্থকসকলে৷

মনোনয়ন দাখিলৰ অন্তিম দিনা অৰ্থাৎ অহা ২৩ মাৰ্চত সঞ্জীৱ হাজৰিকাই মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ যুৱনেতা সঞ্জীৱ হাজৰিকাই নিৰ্বাচনত অৱতীৰ্ণ হ’লে ৰহা বিজেপিত মোক্ষম আঘাত হনাই নহয় শশীকান্ত দাসৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব৷

ডিজিটেল ডেস্ক, ২১ মাৰ্চ

You might also like