বিটিচিত অজনজাতীয়ই পাব ভূমিৰ অধিকাৰ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ যুগ যুগ ধৰি কচুগাঁও বনাঞ্চলৰ ভূমি দখল কৰি থকা পাঁচ শতাধিক জনজাতীয় পৰিয়ালক কালি চৰকাৰৰ ফালৰ পৰা দখলীকৃত ভূমিৰ পট্টা প্রদান কৰা হয়৷ আনহাতে, জনজাতীয় বেল্ট ব্লকত বসবাস কৰা অজনজাতীয় লোকসকলৰ সংস্থাপনৰ বাবেও বিটিচি প্রশাসনে কার্যকৰী পদক্ষেপ ল’ব আৰু বিটিচি চুক্তিৰ সময়লৈকে বিটিচিতবসবাস কৰা অজনজাতীয়সকলকো পর্যায়ক্রমে ভূমিৰ অধিকাৰ দিয়া হ’ব বুলি পট্টা প্রদান কৰি সমাজ কল্যাণ দপ্তৰৰ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই কয়৷
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বজাৰত আয়োজন কৰা ভূমিপট্টা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি দিয়া বক্তব্যত মন্ত্রীগৰাকীয়ে বনাঞ্চলতবসবাস কৰা ভূমিপট্টাহীন লোক চৰকাৰী সুযোগ–সুবিধাৰ ক্ষেত্রত বঞ্চিত হৈ থকাতবহু সমস্যাৰ সন্মুখীন হৈ আছিল৷ কিন্তু বর্তমানৰ চৰকাৰ আৰু বিটিচি চীফ হাগ্রামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বত শদিয়াৰ পৰা সোণকোষলৈকেবনাঞ্চল্ বসবাস কৰা জনজাতীয় লোকসকলকবনাঞ্চল্ অধিকাৰ আইনৰ অধীনত ভূমিপট্টা প্রদানৰ কাম আৰম্ভ হৈছে৷ গোসাঁইগাঁও মহকুমা সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা মহকুমা বিষয়া সুজাতা গগৈয়ে পৰিচালনা পৰা ভূমিপট্টা বিতৰণ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে আৰু কয় যে বনাঞ্চলত বসবাস কৰা লোকসকলেই বনাঞ্চল ৰক্ষা কৰিব লাগিব৷ সমগ্র বিশ্বব্যাপী সৃষ্টি হোৱা ভয়াৱহ জলবায়ু প্রদূষণত ৰাষ্ট্রসংঘই গভীৰ উদ্বেগ প্রকাশ কৰা বিষয়টো উনুকিয়াই মন্ত্রীগৰাকীয়ে নতুনকৈ ভূমি পট্টা লাভ কৰা লোকসকলৰ উদ্দেশ্যি আৰু কয় এশজোপা গছ ৰোপণ কৰাব্যক্তিক তিনি লাখ, ৭৫ ডালতকৈ অধিক চেগুন, শিশু,বনচোম আদি মূল্যৱান গছ ৰোপণ কৰা ব্যক্তিক এক লাখ আৰু ৫০ ডাল গছ ৰোপণ কৰা ব্যক্তিক পঞ্চাশ হাজাৰ টকা পুৰস্কাৰ হিচাপে দিয়া হ’ব৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিভাগীয় মন্ত্রীগৰাকীয়ে কয়, পিজিআৰ আৰু ভিজিআৰত বসবাস কৰা লোকসকলে খাচ মাটি এৰিবই লাগিব৷
উল্লেখ্য যে গোসাঁইগাঁও মহকুমাৰ কচুগাঁওবন সংমণ্ডল এলেকাৰ ৯খন গাঁৱৰ ৪৯৬টা পৰিয়ালৰ মাজত আজি পট্টা বিতৰণ কৰা হয়৷ ভূমিপট্টা বিতৰণ অনুষ্ঠানত ২৯নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নার্জাৰী, ২৮নং গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্র নার্জাৰী, কোকৰাঝাৰৰ জিলা উপায়ুক্ত পার্থপ্রতিম মজুমদাৰে ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত উদ্বোধনী ভাষণ দিয়ে সমাজ কল্যাণ বিভাগৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই৷ সহস্রাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানত প্রাক্তন বিধায়ক হেমেন্দ্র নাথ ব্রহ্ম, কার্যবাহী সদস্য দনেশ্বৰ গয়াৰী, প্রাক্তন কার্যবাহী সদস্য শোভাৰাম বসুমতাৰী, ডিএফ’ মতিলাল বসুমতাৰী প্রমুখ্যে আনবহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সমগ্র অনুষ্ঠানটোৰ আঁত ধৰে ভাৰপ্রাপ্ত মহকুমা কল্যাণ বিষয়া তথা ভাওৰাগুৰি ৰাজহ চক্র বিষয়া সুজাতা গগৈয়ে৷