নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ৰাজনৈতিক আশিসপুষ্ট একাংশ অনা–অসমীয়া ব্যৱসায়ীয়ে জনবসতিপূর্ণ অঞ্চলত বিভিন্ন উদ্যোগ স্থাপন কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আহিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ আন আন প্রান্তততো দূৰৰে কথা, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী পানীখাইতীত নীতিবহির্ভূতভাৱে উদ্যোগ স্থাপন কৰি অনা–অসমীয়া ব্যৱসায়ীয়ে জনজীৱনলৈ তীব্র ভাবুকি কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
অভিযোগ অনুসৰি পানীখাইতীৰ বেলগুৰি, নেপালীবস্তি, তামোলবাৰী, বেঙেনাবাৰী আদি অঞ্চলত একাংশ অনা–সমীয়া ব্যৱসায়ীয়ে অবৈধভাৱে স্থাপন কৰিছে প্লাষ্টিকৰ বটল প্রস্তুত, চয়াবিন, ষ্টীল ফার্নিছাৰ, নিমখ, কীটনাশক দ্রব্য প্রস্তুত কৰাকে ধৰি বিভিন্ন উদ্যোগ ৷ ৰাজনৈতিক আশিসপুষ্ট এই অনা–অসমীয়া ব্যৱসায়ীসকলে কেৱল ব্যৱসায়ৰ স্বার্থত পানীখাইতীৰ জনবসতিপূর্ণ অঞ্চলত জিলা প্রশাসন, প্রদূষণ নিয়ন্ত্রণ ব’ড, অগ্ণি নির্বাপক বাহিনীকে ধৰি বিভিন্ন বিভাগৰ অসাধু বিষয়াৰে গোপন বুজাবুজি কৰি জনজীৱনলৈ তীব্র ভাবুকি কঢ়িয়াই অনা উদ্যোগো স্থাপন কৰিছে ৷ বৃহত্তৰ পানীখাইতী অঞ্চলত অবৈধভাৱে স্থাপন কৰা উদ্যোগসমূহে দাঁতিকাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে ৷
অবৈধভাৱে স্থাপন কৰা এই উদ্যোগসমূহৰ পৰা ওলোৱা বর্জিত ৰাসায়নিক আৱর্জনা য’তে–ত’তে পেলোৱাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ পোহনীয়া জীৱ–জন্তুৱে সেৱন কৰাত বহু জীৱ–জন্তু মৃত্যুমুখত পৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ কেৱল পোহনীয়া জীৱ–জন্তুৱেই নহয়, অঞ্চলটোত বসবাস কৰা লোকসকলো বিভিন্ন ৰোগত আক্রান্ত হৈছে ৷ বিশেষকৈ পানীখাইতী, বেলগুৰি, নেপালীবস্তি, তামোলবাৰী, বেঙেনাবাৰী আদি অঞ্চলত বসবাস কৰা লোকসকল ছালৰ ৰোগ, পেটৰ ৰোগ, পায়েৰিয়াকে ধৰি বিভিন্ন দাঁতৰ ৰোগত আক্রান্ত হৈছে ৷ পানীখাইতীৰ বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লোকসকলে উদ্যোগসমূহৰ বর্জিত পদার্থই অঞ্চলটোত বিভিন্ন ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি কৰা বুলি অভিযোগ কৰি জিলা উপায়ুক্ত, স্থানীয় বিধায়ক আৰু পৰিৱেশ প্রদূষণ নিয়ন্ত্রণ ব’ডক বহুবাৰ লিখিত অভিযোগ দাখিল কৰিছে ৷
কিন্তু ৰাজনৈতিক আশিসপুষ্ট অনা–অসমীয়া ব্যৱসায়ীসকলৰ বিৰুদ্ধে প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই ৷ লক্ষণীয় যে বৃহত্তৰ পানীখাইতী অঞ্চলত অবৈধভাৱে স্থাপন কৰা উদ্যোগকেইটাৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক পদার্থই অঞ্চলটোৰ ভূ–গর্ভৰ পানী প্রদূষিত কৰিছে ৷ প্রাপ্ত তথ্য অনুসৰি উক্ত অঞ্চলটোৰ ভূ–গর্ভৰ পানী খোৱাৰ উপযোগী নহয় বুলি প্রদূষণ নিয়ন্ত্রণ ব’র্ডে পৰীক্ষামূলকভাৱে তথ্য প্রদান কৰিছে ৷ উক্ত অঞ্চলটোত ভূ–গর্ভৰ পানী স্বাস্থ্যসন্মত নহয় বুলি প্রতিবেদন প্রকাশ কৰাৰ পাছতো আজিলৈকে অঞ্চলটোত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ফলস্বৰূপে বছৰৰ পাছত বছৰ ধৰি বৃহত্তৰ পানীখাইতী অঞ্চলত বসবাস কৰা লোক আৰু পোহনীয়া জীৱ–জন্তুৱে স্বাস্থ্যৰ অনুপযোগী পানী সেৱন কৰি বিভিন্ন ৰোগত আক্রান্ত হৈছে ৷