নগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাটো আজি চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। নগাঁও মহকুমাৰ ৭ টা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১৩,৮৬,৬৩২ গৰাকী । ইয়াৰে ৭,০২,৩৮০ গৰাকী পুৰুষ , ৬,৮৪,২১৮ গৰাকী মহিলা আৰু ৬৪ গৰাকী তৃতীয় লিঙ্গ ভোটাৰ আছে । আজি নগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নিসৰ্গ হিবৰে এক সংবাদ মেল যোগে এই তথ্য সদৰি কৰে। জিলাখনত এইবাৰ ভোটাৰৰ মুঠ জনসংখ্যাৰ ৫৯. ৯৯ শতাংশ ।
নগাঁও জিলাৰ অভিক্ষিপ্ত জন সংখ্যা আৰু ১৮ বছৰ উদ্ধৰ নগাঁও জিলাৰ অভিক্ষিপ্ত জনসংখ্যা হৈছে ক্ৰমে ২৫,৫২,৭৯৭ গৰাকী আৰু ১৫,৭৪,৯৪০ গৰাকী। সেই অনুসৰি জিলাখনৰ ৮২ নং ৰহা (অনুসুচিত জাতি) , ৮৩ নং ধিং , ৮৪ নং বটদ্ৰবা , ৮৫ নং ৰূপহীহাট , ৮৬ নং নগাঁও সদৰ , ৮৭ নং বঢ়মপুৰ , ৮৮ নং চামগুৰি বিধান সভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । এই ৭ বিধান সভা সমষ্টি নগাঁও জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত আনহাতে জিলাখনৰ কলিয়াবৰ নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত । ৮৯ নং কলিয়াবৰ বিধান সভা সমষ্টিৰো চুড়ান্ত প্ৰকাশ কৰা হয় । জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে জিলাখনত ১৮-১৯ বছৰৰ বয়সৰ ভিতৰত ৩৫,১২৭ গৰাকী , ২০-২৯ বছৰ বয়সৰ ভিতৰত ৪,৫২,১৩৯ গৰাকী, ৩০-৩৯ বছৰ বয়সৰ ভিতৰত ৩,৫৪,১৬৫ গৰাকী , ৪০-৪৯ বছৰ বয়সৰ ভিতৰত ২,৯০,৫১৩ গৰাকী, ৫০-৫৯বছৰ বয়সৰ ভিতৰত ২,১০,৫৪৩ গৰাকী, ৬০-৬৯ বয়সৰ ভিতৰত ১,১৭,২৮৪ গৰাকী, ৭০-৭৯ বয়সৰ ভিতৰত ৫২, ৪০৭ গৰাকী আৰু ৮০ বছৰ উদ্ধৰ ২৩, ১৮৫ গৰাকী লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । এই সম্পৰ্কত কিবা ওজৰ আপত্তি থাকিলে অন লাইন যোগে www.nvsp.in/voter helpline app ত যোগাযোগ কৰিব পাৰিব । সংবাদ মেলত নিৰ্বাচনী বিষয়া গায়ত্ৰী শৰ্মা আৰু জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা উপস্থিত থাকে ।