নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼৰ সাতগাঁৱত জঘন্য কাণ্ড ডাইনীৰ সন্দেহত আক্ৰমণ, ছয়জন লোক আহত

গঞাই ভাঙি লণ্ড ভণ্ড কৰিলে ছয় পৰিয়ালৰ বাসগৃহ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ  পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত সাতগাঁও সমীপৱৰ্তী লাংফাংকি গাৰো গাৱঁত ডাইনীৰ সন্দেহত ৬ টা পৰিয়ালক আক্ৰমণ উন্মুক্ত গাওঁবাসীৰ। গাঁওবাসীৰ আক্ৰমণত পৰিয়াল কেইটাৰ ৬ জন সদস্য আহত হয়। আহত লোকেইজন ক্ৰমে থেবিনা মাৰাক, এবিনা মাৰাক, মেৰী মাৰাক,জয়চিন্তা মাৰাক, অঞ্জনা মাৰাক আৰু হেমিচ মাৰাক । উন্মুক্ত গাওঁবাসীয়ে পৰিয়াল কেইটাৰ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ উপৰি ঘৰৰ সকলো বয় বস্ত ভাঙি লণ্ড ভণ্ড কৰে । এজন খ্ৰীষ্টান ধৰ্মীয় ফাদাৰে তিৰজ চাংমাৰ ঘৰৰ এগৰাকী ৰোগীয়া যুৱতীক প্ৰাৰ্থনাৰ জৰিয়তে ঘৰুৱা চিকিৎসা কৰিছিল । আনহাতে আন পৰিয়ালৰ সদস্যসকলো ৰোগত ভুগি আছিল ।

উদণ্ড গঞাই এই পৰিয়ালৰ অসুস্থতাৰ কাৰণ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গৰাকী বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল । ইয়াৰ পিছতেই উদণ্ড গঞাই ডাইনীৰ সন্দেহত পৰিয়াল কেইটাৰ সদস্যক লাঠি লৈ আক্ৰমণ কৰাৰ লগতে লংকা কাণ্ডৰ সৃষ্টি কৰে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত গাঁৱৰ কোনো লোক বেমাৰ আধাৰত আক্ৰান্ত হ’লে চিকিৎসকক দেখুওৱাৰ পৰিৱৰ্তে ফাদাৰজনে নিজেই চিকিৎসা প্ৰদান কৰিছিল । এই লৈ গঞা ৰাইজৰ মাজত প্ৰায়েই অশান্তিৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ উপক্ৰম হৈছিল । অন্ধ বিশ্বাসৰ বাবেই এনে ঘটনাৰ সূত্ৰপাত হোৱা বুলি একাংশ লোকে মত পোষণ কৰিছে। উল্লেখ্য যে আহত কেইজনক ডংকামোকাম চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

প্ৰেৰক – হেমন্ত কুমাৰ নাথ

You might also like