সাংসদ–বিধায়ক–শাসকীয় নেতাৰ দখলত গৃহ নির্মাণ পৰিষদৰ বাসগৃহ
গৃহ আবণ্টনৰ নামত হাউছিং ব’ৰ্ডত ব্যাপক অনিয়ম
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ যিসময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে, যিসময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰী বিভাগসমূহ নিকা কৰিবলৈ জোৰদাৰ প্রচেষ্টা চলাই গৈছে, সেই সময়তে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদত পোহৰলৈ আহিছে ভয়ংকৰ দুর্নীতি আৰু অনিয়ম৷ ক্ষুদ্র, মধ্যমীয়া আৰু আর্থিকভাৱে পিছপৰা তথা গুৱাহাটীত ঘৰ নথকা হাজাৰজন যোগ্যক বঞ্চিত কৰি গৃহ নির্মাণ পৰিষদৰ বাসগৃহ দখল কৰি আছে জনপ্রতিনিধি, আর্থিকভাৱে সচ্ছল ব্যক্তি তথা গুৱাহাটীত পর্বতসম সম্পত্তি থকা একাংশ ৰাজনৈতিক নেতাই৷ কংগ্রেছ চৰকাৰৰ দিনৰ পৰা অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ দুর্নীতি আৰু অনিয়মৰ পৰম্পৰাৰ মিত্রজোঁট চৰকাৰ অহাৰ পিছতো যৱনিকা নপৰিল৷ কংগ্রেছ চৰকাৰৰ দিনৰ পৰাই ক্ষমতাৰ অপব্যৱহাৰেৰে গৃহ নির্মাণ পৰিষদৰ গৃহ দখল কৰি আছে সাংসদ ভুবনেশ্বৰ কলিতাই৷ গুৱাহাটীৰ মাজমজিয়াত বিয়াগোম অট্টালিকা থকাৰ পিছতো হেঙেৰাবাৰীত সকলো চর্ত ভৰিৰে মোহাৰি গৃহ নির্মাণ পৰিষদৰ ঘৰ দখল কৰি আছে বিজেপিৰ বর্তমানৰ ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই৷ গৃহ নির্মাণ পৰিষদৰ ঘৰ লাভৰ বাবে ক্ষুদ্র, মধ্যম তথা াির্থকভাৱে পিছপৰা শ্রেণীৰ হোৱাৰ লগতে গুৱাহাটীত ঘৰ নথকাটো প্রথম চর্ত৷ অথচ এই চর্ত ভৰিৰে মোহাৰি গৃহ নির্মাণ পৰিষদৰ ঘৰৰ অধিকাৰী হৈ আছে অংকুৰ দত্ত, মেহদী আলম বৰাৰ দৰে ৰাজনৈতিক নেতা৷ ২০১৬ চনত মিত্রজোঁটৰ চৰকাৰে ক্ষমতা দখলৰ পিছতো এই অশুভ পৰম্পৰাৰ সালসলনি নহ’ল৷
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই প্রতিবেদকে লাভ কৰা তথ্য অনুসৰি ২০১৬ চনৰ জুনৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰলৈকে গৃহ নির্মাণ পৰিষদত ১০৩টা ঘৰৰ আবণ্টন দিছে৷ শুনিবলৈ আচৰিত যেন লাগিলেও নিম্ন উপার্জন গ্রুপ(Lower income group) কেটেগৰীত গুৱাহাটীৰ ঘোঁৰামাৰাC/16 নম্বৰৰ ঘৰ লাভ কৰিছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষে৷ বিধায়ক হোৱাৰ পিছতে ৰামকৃষ্ণ ঘোষে দিছপুৰৰ বিধায়ক আৱাসত বিয়াগোম কোৱার্টাৰ লাভ কৰাৰ পিছতো দখল কৰি ৰাখিছে গৃহ নির্মাণ পৰিষদৰ ঘৰ৷ ২০১৬ চনত মিত্রজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল সুভাষ দত্তই৷ পিছে সুভাষ দত্তই বিভাগটো নিকা কৰাৰ ব্যৱস্থা লোৱাৰ সলনি নিজে ল’ৱাৰ ইনকাম গ্রুপ কেটেগৰীত3/2 নম্বৰৰ ঘৰ আবণ্টন লৈ নিজৰ পিএছ’ ৰখাৰ ব্যৱস্থা কৰে৷ গুৱাহাটীত বৃহৎ ধন খৰচ কৰি ঘৰ ল’ব নোৱাৰাসকলৰ বাবে সকাহ দিবলৈ চৰকাৰে আনিছিল অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ অভিলাষী আঁচনি৷ পিছে পৰিতাপৰ কথা, গৃহ নির্মাণ পৰিষদৰ ঘৰ এতিয়া ৰামকৃষ্ণ ঘোষ, ভুবনেশ্বৰ কলিতা, সুভাষ দত্তৰ দৰে নেতাৰ পিএছ’ৰ জিৰণি ঘৰত পৰিণত হৈছে৷ এআইডিচিৰ উপাধ্যক্ষ হিচাপে জয়ানগৰ হাউছফেড কমপ্লেক্সত বিয়াগোম কোৱার্টাৰ আবণ্টন লোৱাৰ পিছতো গৃহ নির্মাণ পৰিষদৰ ল’ৱাৰ ইনকাম গ্রুপ কেটেগৰীত ঘোঁৰামাৰাতH/3 নম্বৰৰ ঘৰ দখল কৰি আছে বিজনীৰ জিতু তালুকদাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উদ্যোগতEconomicaly weaver section (EWS)ত সংৰক্ষণৰ অভিলাষী ব্যৱস্থা অনা হৈছে৷ গৃহ নির্মাণ পৰিষদত এইEWSৰ নামত একাধিক উচ্চ উপার্জনৰ ক্ষমতাশালী লোকে দখল কৰি ৰাখিছে ঘৰ৷ গুৱাহাটীত বৃহৎ অট্টালিকা, উচ্চ হাৰৰ দৰমহা উপার্জনৰ পিছতো গৃহ নির্মাণ পৰিষদৰ ঘৰৰ পৰা যোগ্যজনক বঞ্চিত কৰি খামুচি থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবনে চৰকাৰে? কেৱল উচ্ছেদেই নহয় অবৈধভাৱে আৱাস দখল কৰি ৰখাসকলক জৰিমনাৰ ব্যৱস্থাও কৰিবলৈ সচেতন মহলে দাবী জনাইছে৷ পৰৱর্তী প্রতিবেদনত পোহৰলৈ আহিব গণতন্ত্রৰ চতুর্থ স্তম্ভক পহৰা দিয়া বিয়াগোম সাংবাদিক, চৰকাৰৰ নীতি প্রস্তুতৰ লগত জড়িত ক্ষমতাশালীজনেও কিদৰে অবৈধভাৱে দখল কৰি আছে গৃহ নির্মাণ পৰিষদৰ ঘৰ৷