নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতত কৰিণা কাপুৰৰ সৌন্দৰ্য মন্ত্ৰ

বিউটী কুইন কৰিণা কাপুৰ। নিজৰ ৰূপ, লাৱন্য়ৰে সকলোকে মুগ্ধ কৰি ৰাখিছে এইগৰাকী অভিনেত্ৰীয়ে। শীতৰ বতৰত কেনেদৰে নিজৰ সৌন্দৰ্য ধৰি ৰাখিছে কৰিণাই, তাকেই চাওঁ আহক।


নিজৰ চুলিকোচাক লৈ অত্যন্ত সচেতন কৰিণাই এদিন লয় তেলৰ গভীৰ মালিচ। প্ৰতি ২-৩দিনৰ মূৰত শ্ব্যেম্পু আৰু কণ্ডিছনিং কৰে। লগতে নিয়মিত চুলিৰ যতনৰ ভিতৰত থাকে ছেণ্ট বোটানিকা হেয়াৰ মাস্ক। ঘৰুৱা উপাদানেৰে যতন লোৱাৰ পক্ষপাতী অভিনেত্ৰীগৰাকীয়ে সেয়ে ছেণ্ট বোটানিকা পছন্দ কৰে।


প্ৰতি সপ্তাহতে এৰাতি তেল লগাই শোৱা অভ্য়াস কৰিণাৰ সদায়ে থাকে যদিও শীতৰ বতৰত সেয়া কোনো কাৰণতে মিছ নকৰে। গৰম তেলৰ মালিচ বিশেষকৈ উপকাৰী বুলি কয় কৰিণাই।


একেদৰে, চালৰ যতনৰ বাবে কৰিণাৰ প্ৰথম কথাই হল ৰ’দৰ পৰা চালখনক বচাই ৰখা। চালখন উজলাই ৰাখিবলৈ বাদাম তেল আৰু মৌৰে ঘৰতে তৈয়াৰ কৰা মাস্ক ব্যৱহাৰ কৰে। খাদ্যৰ ক্ষেত্ৰতো সেয়ে সদা সচেতন তেওঁ। আমি যি খাওঁ সেয়াই আমাৰ চাল আৰু চুলিত প্ৰতিফলিত হয় বুলি কৰিণাই বিশ্বাস কৰে। সেয়ে ভিটামিন বেছিকৈ থকা ফল-মূল আৰু শাক-পাঁচলি খোৱাত তেওঁ গুৰুত্ব দিয়ে। লগতে থাকে স্বাস্থ্য উপযোগী চৰ্বি ঘিঁউ।

You might also like