নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুল্লী বাই এপনো কি?

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ দেশজুৰি তীব্র বিতর্কৰ মাজত ‘বুল্লী বাই’ এপ৷ গিটহাবত প্রস্তুত কৰা এই বুল্লী বাই এপ যোৱা ১ জানুৱাৰীৰ পৰা তীব্র বিতর্কৰ মাজত সোমাই পৰিছে৷ ১ জানুৱাৰীৰ পৰা সক্রিয় হৈ পৰা বুল্লী বাই এপ মুছলিম মহিলাৰ আলোকচিত্র প্রকাশেৰে অশালীন মন্তব্য আগবঢ়োৱা হয়৷ এই বুল্লী বাই এপত দেশৰ শতাধিক প্রভাৱশালী মহিলাৰ আলোকচিত্রৰ অশালীন ৰূপ প্রচাৰ কৰি মহিলাসকলক নিলামৰ বাবে সাজু কৰাৰ তথ্য দাঙি ধৰে৷ এই এপটোত আলোকচিত্র প্রচাৰ কৰা মুছলিম মহিলাসকলৰ ভিতৰত সমাজকর্মী, শিক্ষার্থী, প্রখ্যাত ব্যক্তি আনকি সাংবাদিকো আছে৷ বুল্লী বাইত আলোকচিত্র প্রচাৰ কৰি সেই মহিলাসকলৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা হৈছে৷ অনলাইনযোগে মুছলিম মহিলাক নিলাম কৰা এই এপটোত সাধাৰণতে ছ’চিয়েল মিডিয়া বিশেষকৈ টুইটাৰ, ফেচবুক আদিত সক্রিয় মহিলাক লক্ষ্য কৰি লোৱা হৈছে৷ দেশজুৰি বিতর্কিত বুল্লী বাই এপটো হৈছে ‘চুল্লী ডিলছ’ এপটোৰ লেখীয়া৷ বিগত বর্ষৰ জুলাই মাহত আপলোড কৰা চুল্লী ডিলছ এপটোত মুছলিম মহিলাসকলক লক্ষ্য কৰি লোৱা হৈছিল৷ সেই চুল্লী ডিলছৰ আর্হিতেই বুল্লী বাই এপ প্রস্তুত কৰি মুছলিম মহিলাৰ আলোকচিত্র প্রচাৰ কৰি অনলাইনযোগে নিলাম কৰিছে৷

You might also like