নির্জনতাৰ সন্ধানত
‘আপোনাৰ এতিয়াও টিভি নাই নেকি?’
‘হয়, মোৰ টিভি নাই৷ মোৰ মটৰ গাড়ী নাই৷ মোৰ ফেচবুকো নাই৷ মই কেতিয়াও টুইট নকৰোঁ৷’
নিজৰ টিভি, মটৰ গাড়ী আৰু ফেচবুক নথকা এই মানুহজন হ’ল এজেকিয়েল ইমানুৱেল– আমেৰিকা যুক্তৰাষ্ট্রৰ এজন বিখ্যাত কেঞ্চাৰ বিশেষজ্ঞ আৰু ৰাষ্ট্রপতি বাৰাক অ’বামাৰ চৰকাৰী স্বাস্থ্যনীতি অ’বামা কেয়াৰৰ এজন প্রধান স্থপতি৷
নিজৰ মটৰ গাড়ী আৰু টিভি নথকা কেইবাজনো বিখ্যাত মানুহৰ নাম মই জানো৷ ব্রিটিছ সাংবাদিক জর্জ মবিয়তে মটৰ গাড়ী নিকিনাৰ সপক্ষে এইবুলি যুক্তি দর্শাইছিল যে তেওঁ বায়ু–প্রদূষণত অৰিহণা যোগোৱাৰ পৰা বিৰত থাকিব খোজে৷ ফ্রান্সৰ বিখ্যাত লিজিয়ন অৱ অ’নাৰ লাভ কৰা ভাৰতীয় চিকিৎসা–বিজ্ঞানী ডাঃ তলোৱাৰে ঘৰত টিভি নাৰাখে এই কাৰণে যে সি তেওঁৰ কিতাপ পঢ়াৰ সময় নষ্ট কৰে৷ তেওঁৰ মতে, কিতাপে যি স্থলত মগজুত ধাৰ দি চোকা কৰে, তেনেস্থলত টিভিয়ে মগজুক নিষ্ক্রিয় কৰি তাক ভোতা কৰে৷ ব্রিটিছ লেখক ই ভি লুকাছে তেওঁৰ টিভিটো কুঠাৰেৰে কাটি ঘৰৰ পাছফালৰ বাৰীত সমাধিস্থ কৰিছিল, কাৰণ টিভিয়ে তেওঁৰ ল’ৰা–ছোৱালীকেইটাক অধ্যয়নবিমুখ কৰি তুলিছিল৷ এনেকুৱা বহুত উদাহৰণ আছে৷
আধুনিক মানুহৰ জীৱনৰ পৰা যিটো বস্তু চিৰকাললৈ হেৰাই যোৱাৰ উপক্রম হৈছে, সেইটো হৈছে নির্জনতা আৰু নীৰৱতা৷ কেইবছৰমানৰ আগতে মই মাজুলীলৈ গৈ এটা সৰু ৰিজ’টত দুদিন দুৰাতি আছিলোঁ৷ মিচিং চাংঘৰৰ আর্হিত সজা ৰিজ’টটোৰ গৰাকী আছিল কবি ডেনি গাম এতিয়া তেওঁ অসম চৰকাৰৰ পর্যটন বিষয়া৷ আহাৰৰ যোগান ধৰিছিল এটা মিচিং পৰিয়ালে৷ আধুনিক হাইজিনৰ লগত তেওঁলোকৰ কোনো পৰিচয় নাছিল৷ আহাৰ খাব লগা হৈছিল বস্তা বা ডুখৰি পীৰাত বহি৷ তেনে এটা পৰিৱেশতে লগ পাইছিলোঁ এজন আদহীয়া ফৰাচী পর্যটকক৷ এদিন গধূলিৰ আহাৰ খোৱাৰ পিছত তেওঁক ফুৰিবলৈ লগ ধৰিলোঁ৷ নির্জন আন্ধাৰ বাটেদি গৈ থাকোঁতে মই তেওঁক সুধিলোঁ– ‘আপুনি কি বিচাৰি মাজুলীলৈ আহিছে?’
‘নির্জনতাৰ সন্ধানত৷ মই তৃতীয়বাৰ মাজুলীলৈ আহিছোঁ৷ আকৌ আহিম৷’
সুদূৰ ফ্রান্সৰ পৰা তেওঁ মাজুলীলৈ আহিছে কেৱল নির্জনতা বিচাৰি
উইলিয়াম ডেৰেছিউইজ নামৰ এজন আমেৰিকান সমাজ–বিজ্ঞানীয়ে লিখিছে–’we live exclusively in relation to others, and what disappears from our lives is solitude. Technology is taking away our privacy and our concentration, but it is also taking away our ability to be alone.’
মানুহৰ পৰম সম্পদবোৰৰ ভিতৰত এটা হ’ল নির্জনতা আৰু নীৰৱতা৷ যি ধৰণৰ গভীৰ ধ্যান আৰু চিন্তাই মানুহৰ মহৎ ধর্মবোৰৰ জন্ম দিছিল, সেই আটাইবোৰ সম্ভৱ হৈছিল নির্জনতাৰ অৱকাশত৷ কেৱল ধর্ম কিয়, মানুহৰ চিন্তা আৰু কল্পনাই ঢুকি পোৱা সকলো মহৎ চিন্তা আৰু আদর্শ সম্ভৱ হয় কেৱল গভীৰ নির্জনতা আৰু পৰম নীৰৱতাৰ মাজত৷ তাৰ কাৰণ ব্যাখ্যা কৰি জেকব ব্রনৌস্কিয়ে লিখিছে– ‘সমস্ত ইতৰ জন্তুক পাছ পেলাই মানুহ যে ক্রমোৎকর্ষৰ পথত আগুৱাই যাব পাৰিলে, তাৰ কাৰণ হ’ল এই যে মানুহৰ ভাষা এটা নহয়, দুটা এটা হ’ল চিন্তা কৰাৰ ভাষা, যিটোৰ সহায়েৰে মানুহে নিজৰ মূৰৰ ভিতৰত তেওঁৰ ধাৰণাবোৰ গঢ়ি তোলে, আৰু আনটো হ’ল কথা কোৱাৰ ভাষা, যিটোৰ সহায়েৰে তেওঁ আনৰ লগত ভাব বিনিময় কৰে৷ চিন্তা কৰাৰ ভাষাক উচ্চতম পর্যায়লৈ লৈ যোৱা সম্ভৱ একমাত্র নির্জনতা আৰু নীৰৱতাৰ পৰিৱেশতহে৷ অৱশ্যে ইয়াৰ অর্থ এই নহয় যে মানুহ সকলো সময়তে নির্জন, নিঃসংগ আৰু নীৰৱ হৈ থাকিব লাগিব৷ কিন্তু মানুহ মানুহ হৈ থাকিবলৈ হ’লে অন্ততঃ মাজে–সময়ে তেওঁ নির্জনতা আৰু নীৰৱতাৰ অৱকাশ পাবই লাগিব৷
আধুুনিক প্রযুক্তিবিদ্যা একে সময়তে আশীর্বাদ আৰু অভিশাপ দুয়োটাই৷ আশীর্বাদবোৰ আমি সকলোৱে জানো, কিয়নো আমি সেইবোৰ উপভোগ কৰিছোঁ৷ অভিশাপবোৰো আমি জানো৷ আটাইতকৈ ডাঙৰ অভিশাপ হ’ল এই যে ই পৃথিৱীখন কোলাহলময় কৰি তুলি বিক্ষত আত্মাৰ নিৰাময়কাৰী নির্জনতা আৰু নীৰৱতাৰ পৰা আমাক নিষ্ঠুৰভাৱে বঞ্চিত কৰিছে৷ সেয়েহে কেইবছৰমানৰ আগতে বিখ্যাত আমেৰিকান গায়ক আৰু গীতিকাৰ বব ডিলানে ক’ব লগা হৈছিল– ‘মই প্রস্তাৱ কৰোঁ যে অন্ততঃ এটা দিনৰ কাৰণে পৃথিৱীৰ আটাইবোৰ ম’বাইল ফোন বন্ধ কৰি ৰখা হওক৷’ অর্থাৎ ৰাষ্ট্রসংঘ বা তেনেকুৱা অন্যান্য সংস্থাৰ উদ্যোগত যেনেকৈ মাতৃ দিৱস, বিকলাংগ দিৱস, হাতধোৱা দিৱস ইত্যাদি বিভিন্ন দিৱস পালন কৰা হয়, ঠিক তেনেকৈ পালন কৰা হওক ম’বাইল ফোন বন্ধ কৰি ৰখা দিৱস৷
কল্পনা কৰিবলৈ চেষ্টা কৰকচোন– পৃথিৱীৰ আটাইবোৰ ম’বাইল ফোন বন্ধ হৈ পৰা সেই দিনটোত কি গভীৰ শান্তি নামি আহিব মানুহৰ জীৱনলৈ