নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত পিতৃক দাৰে ঘপিয়াই নৃশংস হত্যা

নিয়মীয়া বার্তা, ২০ জানুৱাৰীঃ ওদালগুৰি জিলাৰ টংলা থানা অন্তর্গত চেনিপাৰা গাঁৱত দেওবাৰে পুৱতিনিশা সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ড৷

নিজ পুত্রৰ দাৰ ঘাপত থিতাতেই মৃত্যু হয় পিতৃৰ৷ টংলা থানাৰ অন্তর্গত চেনিমাৰা গাঁৱৰ  এগৰাকী কুলাংগাৰ পুত্র সঞ্জয় বডোই সদায়েই পিতৃ মাধৱ চন্দ্র বড়োৰ লগত কাজিয়াত লিপ্ত হৈ আহিছিল৷ পুৱা পাঁচমান বজাত হঠাত চোকা অস্ত্রৰে হানি–খুঁচি পিতৃক হত্যা কৰে সঞ্জয় বড়োই৷

পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে পিতৃহন্তা পুত্রক৷

You might also like