অসম চৰকাৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মধুপুৰ সত্ৰ ভ্ৰমণ
যাত্ৰী নিবাস, অতিথিশালাৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সাংস্কৃতিক সঞ্চালকালয়ক নিৰ্দেশ
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দেওবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই গুৰুজনাৰ স্মৃতিগৰকা পশ্চিমবংগৰ কোচবিহাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰ উপস্থিত হৈ গুৰুগৃহত সেৱা কৰি আশীৰ্বাদ লোৱাৰ লগতে সত্ৰাধিকাৰক সাক্ষাৎ কৰে৷ মুখ্য সচিব গৰাকীয়ে সত্ৰ চৌহদত থকা বৈদ্যুতিক তাঁৰ আৰু খুটাবোৰ আঁতৰোৱাৰ বাবে পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতিব বুলি জনায়৷ প্ৰয়োজনত বৈদ্যুতিক তাঁৰ আৰু খুটাবোৰ আঁতৰোৱাৰ ব্যয় অসম চৰকাৰে বহন কৰিব বুলি মুখ্য সচিব গৰাকীয়ে কয়৷ মূল পথৰ পৰা মধুপুৰ সত্ৰলৈ সোমাৱা পথত এখন সুদৃশ্য তোৰণ নিৰ্মাণ কৰা হ’ব বুলি মুখ্য সচিবগৰাকীয়ে সদৰি কৰে৷
আনহাতে সত্ৰ চৌহদত সাংস্কৃতিক পৰিক্ৰমা বিভাগে নিৰ্মাণ কৰি থকা অতিথিশালা, যাত্ৰী নিবাস আদি সোনকালে সম্পূৰ্ণ কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্য সচিবগৰাকীয়ে৷ তেওঁ লগে লগে সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক দেৱজিত খনিকৰৰ সৈতে এই বিষয়ে কথা পাতি সঞ্চালকগৰাকীক অতি শীঘ্ৰে মধুপুৰ সত্ৰলৈ আহি সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰাধিকাৰৰ সৈতে আলোচনা কৰি আধৰুৱা নিৰ্মাণ কাৰ্যসমূহ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্য সচিবগৰাকীয়ে সত্ৰাধিকাৰৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে৷ আজি ধুবুৰীস্থ জনসংযোগ বিভাগৰ কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এয়া সদৰি কৰিছে।