ৰঙিয়াত ষ্টেট বেংকৰ ৩ কৰ্মচাৰী কভিডত আক্ৰান্ত
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ৰোনাৰ আতংক অৱ্যাহত থকাৰ সময়তে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ কেবাগৰাকী কৰ্মচাৰী আক্ৰান্ত হোৱাত আতংকই বিৰাজ কৰিছে । বেংক কৰ্তৃপক্ষই সদৰী কৰা মতে সম্প্ৰতি তিনি গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কভিডৰ উপস্থিতি । ৰঙিয়া মহকুমাৰ ভিন্ন প্ৰান্তৰ পৰা অগণন গ্ৰাহকৰ দৈনিক সমাগম হয় বেংকটোত । বেংকটোত কিছু সময়ৰ বাবে কাম-কাজ স্তব্ধ হৈ পৰাত গ্ৰাহক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । বেংকটোৰ আন কেবাজনো বিষয়া-কৰ্মচাৰী জ্বৰ-কাঁহ আদি ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । আৰু অধিক কৰ্মচাৰী কভিডত হোৱাৰ আশংকা কৰা হৈছে ।