দলগাঁৱত আঙ্গিকৰ ৰূপালী জয়ন্তী সম্পন্ন
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দৰঙৰ দলগাঁৱৰ সামাজিক ,সাংস্কৃতিক অনুষ্ঠান ” আঙ্গিক” ৰ ৰূপালী জয়ন্তী আজি বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হৈ যায় ৷এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে আঙ্গিকৰ সভাপতি কুশল কুমাৰ চহৰীয়াই ৷শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে উপ সভাপতি মহেশ্বৰ শইকীয়াই ৷সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন শইকীয়াই ৷আঙ্গিক সংগীত ও সুকুমাৰ কলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ,সদস্য, সদস্যাৰ মাজত অন্তৰংগ আলোচনা পৰিচালনা কৰে সাংস্কৃতিক সম্পাদক প্ৰদীপ ঘোষে ৷ পিছত সম্পাদক কালিচান্দ সেনৰ পৰিচালনাত বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় য’ত অসম লেখিকা সমাৰোহৰ সভানেত্ৰী চাৰু চহৰীয়া নাথ,ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰী ,ৰাষ্ট্ৰীয় পুৰুস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক নাজিমুদ্দিন আহমেদকে ধৰি কেবাগৰাকীক সম্বৰ্ধনা জনায় ৷ ইয়াৰ পিছত ” আজিৰ সমাজত সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ প্ৰয়োজনীয়ত ” শীৰ্ষক আলোচনা বৈঠক অনুষ্ঠিত হয় ৷বৈঠক খনি উদ্ধোধন কৰে দলগাঁও ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰীয়ে ৷সভাত আঙ্গীকৰ স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় ৷