ক’ভিড ভেকচিন ল’বলৈ কাকো বাধ্য কৰোৱা নাই চৰকাৰে
নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ কোনো ব্যক্তিকে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে জোৰকৈ ভেকচিন দিয়াৰ পক্ষপাতী নহয় কেন্দ্রীয় চৰকাৰ৷ টিকাকৰণক লৈ এক গোচৰত আজি উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত এই কথা স্পষ্ট কৰি দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ টিকাকৰণ সন্দর্ভত স্বাস্থ্য মন্ত্রালয়ৰ নির্দেশিকাতো বিষয়টো উল্লেখ থকা বুলি সোমবাৰে শীর্ষ আদালতখনক কেন্দ্রীয় চৰকাৰে জনাই দিয়ে৷ এভাৰা ফাউণ্ডেচন নামৰ এন জি অ’ এটাই বিশেষভাৱে সক্ষম ব্যক্তিসকলক বাধ্যতামূলকভাৱে ক’ভিড ভেকচিন লোৱাৰ প্রমাণ–পত্র দেখুওৱাৰ পৰা ৰেহাই দিয়াৰ প্রসংগত এক পি আই এল দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত৷ তাৰ শুনানিৰ সময়ত শীর্ষ আদালতে কেন্দ্রীয় চৰকাৰক বিষয়টো সন্দর্ভত নিজৰ মতামত জনাবলৈ নির্দেশ দিছিল৷