মৰিগাঁৱত ২৪ ঘন্টাত ২৯ জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো ক্ৰমাৎ বৃদ্ধি পাইছে কভিডত আক্ৰান্তৰ সংখ্যা ৷ বিশেষকৈ জিলাখনৰ ভূৰবন্ধা মডেল হস্পিতালতৰ অন্ত’গত ভূৰবন্ধা অঞ্চলত আজিৰ দিনটোত ২৪ ঘন্টাৰ ভিতৰত ২৯ জনৰ দেহত ধৰা পৰিছে কভিডৰ অৱস্থিতি ৷ ইয়াতে লৈ এতিয়া সমগ্ৰ ভূৰবন্ধা অঞ্চলত এক ত্ৰাসৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত ভূৰবন্ধা চিকিৎসালয়ৰ পৰা পোৱা তথ্য অনুসৰি আজিৰ দিনটোত অঞ্চলটোৰ ২৯ জনৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰাৰ বিপৰিতে যোৱা ১৫ জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে অঞ্চলটোৰ ৮৭ জন আক্ৰান্ত হৈছে কভিডত ৷ ইয়াৰে ভূৰবন্ধা উন্নয়ন খনৰ ৬ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কভিডৰ অৱস্থিতি ৷ প্ৰকাশ যে যোৱা ১১ জানুৱাৰী তাৰিখে ভূৰবন্ধা উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজন কৰা ভোগালী মেলাৰ পিছৰে পৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত ভোগালী মেলাৰ পৰাই অধিক আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে ৷
মানস নাথ, বাৰপূজীয়া