নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ মণ্ডপৰ পৰা উঠিল কইনা, ক্ষতিপূৰণ লাগে দৰাক

ঘটনাটো তামিলনাডুৰ। দৰা চেন্নাইৰ ফাৰ্ম এখনৰ ইঞ্জিনীয়াৰ, কইনা পোষ্টগ্ৰেজুৱেট ডিগ্ৰীধাৰী। ২০জানুৱাৰীত তেওঁলোকৰ বিবাহৰ দিন নিৰ্ধাৰণ হৈছিল। বিবাহৰ সকলো আয়োজন সম্পূৰ্ণ হৈছিল। বিয়াৰ আগদিনা এক অনুষ্ঠানৰ বাবে দুয়োপক্ষৰ মানুহ হৈছিল একগোট। ডি জে নাইট আৰু সকলোৱে তাৰে তালে তালে কৰিবলৈ লৈছিল নৃত্য। নিজৰ বিবাহ, গতিকে এপাক ননচাকৈ কেনেকৈ থাকে দৰা-কইনা! তেতিয়ালৈ সকলো ঠিকেই আছিল, কিন্তু তেনেতে আহি পালে কইনাৰ সম্পৰ্কীয় ভাতৃ এজন। দৰা-কইনাক গাত ধৰি নাচিবলৈ ল’লে তেওঁ। সেয়া দেখি ৰুষ্ট হ’ল দৰা। তাৰ পাছত কি হ’ল সেয়া স্পষ্ট নহয় যদিও কিছুমান সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে,দৰাই চৰ শোধালে কইনাৰ গালত আৰু কইনাৰ পৰিয়ালক ককৰ্থনা কৰি হল এৰিবলৈ ক’লে। ইয়াৰ পাছতে সিদ্ধান্ত ল’লে কইনাই। নবহে সেই দৰাৰ সৈতে বিবাহত। পাছত পৰিয়ালৰ কথা মতে নিৰ্দিষ্ট দিনটোতে তেওঁৰ বিয়া পাতিব, কিন্তু বেলেগ হ’ব দৰা। অৱশেষত কইনাই উক্ত সম্পৰ্কীয় ভাতৃজনৰ সৈতে বিয়াত বহিল ২০ জানুৱাৰীত। ইপিনে, বিবাহৰ প্ৰস্তুতিত হোৱা খৰচৰ ক্ষতিপূৰণ বিচাৰি দৰাৰ পৰিয়ালে অভিযোগ দিলে মহিলা আৰক্ষী চকীত।

You might also like