লিডুত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰঃ একাংশৰ মতে বাঘৰ আক্ৰমণত মৃত্যু
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: এগৰাকী সুন্দৰী যুৱতীৰ মৃতদেহ উদ্ধাৰ ঘটানাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰ ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত আজি যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ প্ৰকৃত কাৰণ বাতৰি লেখা সময়লৈকে ৰহস্যজনক। প্ৰাপ্তখবৰ অনুযায়ী আজি পুৱা প্ৰায় ৯ বজাত চবনম খাতুন (২০) নামৰ এগৰাকী যুৱতীয়ে নিজ বাসগৃহৰ পৰা প্ৰায় ৩০/৪০ মিটাৰ নিলগত অৱস্থিত তথা ক’ল ইণ্ডিয়াৰ মুক্তখনন স্থলীত প্ৰাতঃ ক্ৰীয়া কৰিবলৈ গৈছিল। প্ৰায় এঘণ্টা সময়ধৰি যুৱতীগৰাকী ঘৰলৈ উভতি নহা দেখি মাতৃ আৰু ভগ্নীয়ে বিচাৰি যোৱাত যুৱতীগৰাকী ৰক্তাত অৱস্থাত উদ্ধাৰ কৰে।
ইতিমধ্যে নিজ কন্যাৰ এনে অৱস্থা দেখি মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত পৰি থকা যুৱতী গৰাকীক উদ্ধাৰ কৰে যদিও ইতিপূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হৈছিল। প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য মতে মৃত যুৱতী গৰাকীৰ কপালত জোঙা অস্ত্ৰৰে খোচাৰ চিন থকাৰ লগতে মূৰৰ সন্মুখ ভাগ শিলজাতীয় টান বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছিল। ঘটনাস্থলীৰ পৰা তেজ লাগি থকা দুটা ডাঙৰ শিল উদ্ধাৰ কৰা হৈছে। একাংশ লোকে মৃত যুৱতীগৰাকী বাঘ জাতীয় বনৰীয়া জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু দিনৰ ভাগত এনে ঘটনা ঘটাৰ সম্ভাৱনীয়তা প্ৰায় ক্ষীণ। তদুপৰি শৰীৰৰ একমাত্ৰ কপালত কৰা আঘাতলৈ চাই ই পৰিকল্পিত হত্যাকাণ্ড বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। মনকৰিবলগীয়া যে যুৱতী গৰাকী উদ্ধাৰ হোৱা স্থানেদি নিতৌ চোৰাং কয়লা সৰবৰাহকাৰী সকল আহ যাহকৰে। সেই দিশলৈ চাই ঘটনাটি চোৰাং কয়লা সৰবৰাহকাৰীসকলে সংঘটিত কৰা বুলিও সন্দেহ নুই কৰিব নোৱাৰি। বৰ্তমান সমগ্ৰ ঘটনাটিৰ সন্দৰ্ভত লিডু আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰোনত্তৰ পৰীক্ষণৰ ব্যৱস্থা কৰিছে। চবনমৰ মৃত্যুত সমগ্ৰ অঞ্চলৰ শোকৰ ছাঁ পৰাৰ লগতে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।
প্ৰতিবেদকঃ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা