নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলী-দিপাৱলী-ঈদত বন্ধ নাথাকে সুৰাৰ বিপনী

এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানীত হোলী, দিপাৱলী, ঈদত বন্ধ নাথাকে সুৰাৰ বিপনী। এই সিদ্ধান্ত দিল্লী চৰকাৰৰ। নতুন আবকাৰী নীতি অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত ড্ৰাই ডে’ ৰ সংখ্যা পূৰ্বৰ ২১ দিনৰ পৰা হ্ৰাস কৰি মাত্ৰ তিনি দিন কৰা হৈছে। সেই অনুসৰি গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আৰু গান্ধীজয়ন্তীকহে মাত্ৰ ড্ৰাই ডে’ হিচাপে ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰি আন বিশেষ দিনতো চৰকাৰে ড্ৰাই ডে’ ঘোষণা কৰিব পাৰে।২০২১ চনত হোলী, দিপাৱলী, জন্মাষ্টমী, মহৰম, ঈদ-উজ-জোহা, গুড ফ্ৰাই ডে’, ৰাম নৱমী, মহাবীৰ জয়ন্তী, বুদ্ধপূৰ্ণিমা, মহাঋষি বাল্মিকীৰ জয়ন্তী, গুৰু নানক জয়ন্তী, দশেৰা আদিকে ধৰি ২১ দিন ড্ৰাই ডে’ হিচাপে ঘোষণা কৰা হৈছিল। দিল্লী চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বিৰোধী বিজেপি আৰু কংগ্ৰেছ সমালোচনাত সোচ্ছাৰ হৈছে।

You might also like