নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাৰ পিছত আফগান মাতৃয়ে বিক্রী কৰিছে নিজৰ বৃক্ক

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ চৰম দুর্ভিক্ষৰ কবললৈ গতি কৰিছে আফগানিস্তানে৷ তালিবান ক্ষমতালৈ অহাৰ পিছতে দেশখনৰ জনসাধাৰণৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ বহু দুখীয়া পৰিয়ালে নিজৰ সন্তানক বিক্রী কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে৷ কাম–কাজ হেৰুৱাই এতিয়া আফগানিস্তানৰ গ্রামাঞ্চলৰ লোকসকলৰ নাজল–নাথল অৱস্থা৷ ১০জনীয়া পৰিয়ালৰ ৰহমতী নামৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি নিজৰ আঠ সন্তানৰ দুই কন্যাক অচিন লোকৰ হাতত বিক্রী কৰি দিছে৷ এতিয়া পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে নিজৰ দুই ৰুগীয়া পুত্র আৰু স্বামীক চোৱা–চিতা কৰাৰ বাবে উপায়হীন হৈ ৰহমতীয়ে বিক্রী কৰিবলগীয়া হৈছে এটা বৃক্ক৷ মাত্র ১.৫ লাখ আফগানিত দুমাহ পূর্বে ৰহমতীয়ে সোঁফালৰ বৃক্ক বিক্রী কৰিছে৷

You might also like