নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা মাথনলাই তখ্ৰাৰ দ্বাদশ সাধাৰণ অধিৱেশনৰ দিন সলনি

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাৰপূজীয়াৰ ৪২ ৰ শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত অহা ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ৱ তিৱা সাহিত্য সভা (তিৱা মাথনলাই তখ্ৰা)ৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণৰ অধিবেশন দিন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ গ্ৰহণ কৰিছে তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় বিষয়ববীয়াই । তিৱা মাথনলাই তখ্ৰাৰ এই অধিৱেশনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ আহিছিল যদিও ক’ভিদ পৰিস্থিতিৰ বাবে অহা ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত হ’বলগীয়া অধিৱেশনখন ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। নগাঁও জিলাৰ উপায়ুক্তৰ লগত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে বুলি মংগলবাৰে এক সংবাদ মেলে যোগে তিৱা সাহিত্য সভাৰ বিষয়ববীয়াই জানিব দিয়ে। প্ৰায় ডেৰ কোটি টকাৰ বাজেটেৰে হ’বলগীয়া এই অধিৱেশনখন পূৰ্বৰ নিদ্ধাৰিত কাৰ্যসূচী মতেই অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে তিৱা সাহিত্য সভাই।

প্ৰেৰকঃ মানস নাথ , বাৰপূজীয়া

You might also like