নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠকে ৰাজ্যপালৰ পৰা গ্ৰহণ কৰিলে বঁটা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী: বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু বৰপেটাৰ আন গৰাকী অতিৰিক্ত উপায়ুক্ত লখিমী দত্তক আজি নিৰ্বাচনী কামত দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পাঠকলৈ আগবঢ়োৱা বিশেষ বঁটা ,আৰু লখিমী দত্তক শ্ৰেষ্ঠ নিৰ্বাচনী বিষয়াৰ বঁটা অসমৰ ৰাজ্যপালে প্ৰদান কৰে ৷ গুৱাহাটীৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৷ দুয়োগৰাকী প্ৰশাসনীয় বিষয়াই বঁটা পোৱা বাবে বৰপেটা জিলাৰ সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ৷ নলবাৰী জিলাৰ টিহু নিবাসী নৱজিৎ পাঠকে ২০১৩ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্তীৰ্ণ হৈ প্ৰথমে কোকৰাঝাৰ জিলাত অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰি পিছত ক্ৰমে শদিয়াৰ নিৰ্বাচনী বিষয়া,চাপৰৰ চক্ৰ বিষয়া, বৰপেটাৰ চক্ৰ বিষয়া আৰু পদোন্নতি পাই বৰপেটাতেই অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে আছে ৷

অতিৰিক্ত উপায়ুক্ত হিচাপে বৰপেটা জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা পাঠকক বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে জিলাবাসীয়ে অভিনন্দন জনাইছে ৷ আনহাতে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ নাজিৰা জিলা নির্বাচনী বিষয়া হিচাপে দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে নির্বাচনী আয়োগে অসমৰ অন্যতম শ্রেষ্ঠ জিলা নির্বাচনী বিষয়া হিচাপে ঘোষণা কৰিছে । প্রশাসনিক বিষয়াগৰাকীৰ এনে সাফল্যৰ খবৰে গৃহ চহৰ যোৰহাটৰ লগতে বৰপেটাতো সতীৰ্থ বিষয়া – কৰ্মচাৰী তথা ৰাইজৰ মাজত আনন্দৰ সৃষ্টি কৰিছে ।

যোৰহাটত জন্মগ্ৰহণ কৰা অতি মেধা সম্পন্ন লখিমী দত্তই ২০০১ চনতে কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যামিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল । ২০০৪ চনত বুৰঞ্জী বিভাগত ডিষ্টিংশ্যনসহ প্রথম বিভাগত স্নাতক পৰীক্ষাত উত্তীর্ণ হয় । আনহাতে , আধুনিক আৰু সমসাময়িক বুৰঞ্জীত দিল্লী জে এন ইউ বিশ্বিদ্যালয়ৰ পৰা স্নাতোকত্তৰ ডিগ্ৰী লাভ কৰা লখিমী দত্তই পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰামজাচ মহাবিদ্যালয় আৰু ৰাজধানী মহাবিদ্যালয়ত সহকাৰী প্ৰবক্তা হিচাপে যোগদান কৰাৰ লগতে কটন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী প্ৰবক্তা হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ পাছতে তেওঁ ২০১০ চনত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ প্ৰথমতে নলবাৰীত সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰে । তেওঁ ২০১২ চনত গোলাঘাট , দেৰগাঁও , মাহমৰা আৰু নাজিৰা আদিত চক্র বিষয়া , মহকুমাধিপতি আৰু অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এগৰাকী দায়বদ্ধশীল বিষয়া হিচাপে পৰিচিত লখিমী দত্তই বিভিন্ন সামাজিক কাম – কাজতো জড়িত হৈ আহিছে । বর্তমান বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

You might also like