নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩৮ সন্তানৰ পিতৃ! বিশ্বৰ সৰ্বোকৃষ্ট শুক্ৰাণুদাতাজন

আয়ুষ্মান খুৰানাৰ বিকি ডোনাৰ ছবিখন চাইছিলনে? সেই ছবিখনে নতুন চিন্তাৰ খোৰাক দিছিল ৰক্ষণশীল সমাজখনক। ছবিখনৰ বিষয় আছিল শুক্রাণু দান। এতিয়া আধুনিক চিকিসা ব্যৱস্থাত এয়া খুবে সাধাৰণ কথা। আজি কম বাস্তৱৰ এজন বিকি ডোনাৰৰ কথা।

তেওঁ এগৰাকী অৱসৰপ্রাপ্ত গণিত শিক্ষক। নাম ক্লিভ জনছ। ব্ৰিটেইনৰ বাসিন্দা ক্লিভৰ দাবী যে তেঁৱে বিশ্বৰ সকলোতকৈ উকৃষ্ট শুক্রাণু দাতাজন। কমেও ১৩৮ শিশুৰ গোপন পিতৃ তেওঁ। ইয়াৰে ৯টা শিশু এতিয়াও মাতৃগৰ্ভতে আছে। ডেইলী মেইলৰ এক তথ্য মতে, ৬৬ বছৰীয়া ক্লিভ জনছে ফেচবুকৰ জৰিয়তে যোগাযোগ কৰি বিনামূলীয়াকৈ শুক্ৰাণু দান কৰি আহিছে প্ৰায় দশক পূৰ্বৰ পৰা। এই কাৰ্যৰে তেওঁ সুখ অনুভৱ কৰে।তেওঁৰ এই দানৰ বাবে বহু পৰিয়ালত হাঁহি বিৰিঙিছে।

১৫০টা শিশুৰ পিতৃ হোৱাৰ ইচ্ছাৰে আৰু কেইবছৰমানলৈ শুক্ৰাণু দান কৰিব বিচাৰে ক্লিভে। ব্ৰিটেইনত স্পাৰ্ম বেংকত শুক্ৰাণু দান কৰাৰ সৰ্ব্বোচ্চ বয়স ৪৫ বছৰ। ক্লিভে কিন্তু ৫৮ বছৰ বয়সৰ পৰাহে এই কাম কৰিবলৈ লৈছিল। সেয়ে তেওঁ স্বীকৃতিপ্ৰাপ্ত দাতা হবলৈ নিবিচাৰিলে।

You might also like