নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ( আৰ এছ এছ ) মুৰব্বী মোহন ভাগৱত শিলচৰত

নিয়মীয়া বাৰ্তা ,২৭ জানুৱাৰী : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ( আৰ এছ এছ ) মুৰব্বী মোহন ভাগৱত শিলচৰত উপস্থিত হৈছে। কঠোৰ নিৰাপত্তা বেষ্টিনিৰ মাজত চাৰিদিনীয়া সময়সূচী লৈ ভাগৱত বৃহস্পতিবাৰে শিলচৰত উপস্থিত হয়। এই দিনা শিলচৰ অম্বিকাপট্টিত আৰ এছ এছ কাৰ্যালয়ত উপস্থিত হয় মোহন ভাগৱত।
জানিব পৰা মতে, তেওঁ সংঘৰ কৰ্মকৰ্তাসকলৰ সৈতে কেইবাটাও বৈঠকত অংশ গ্ৰহণ কৰিব।
মোহন ভাগৱতে ৩১ জানুৱাৰীত শিলচৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ব। আজি তেওঁ ত্ৰিপুৰাৰ পৰা ৰেলযোগে বদৰপুৰত উপস্থিত হয় আৰু তাৰ পিছত বদৰপুৰৰ পৰা স্থলপথেৰে শিলচৰলৈ আহিছে।

You might also like