কয়লা আৰু বাৰ্মিজ চুপাৰিৰ শীঘ্ৰে এছঅপি প্ৰস্তুত কৰা হ’ব: বিমল বৰা
নিয়মীয়া বাৰ্তা ,২৯ জানুৱাৰী : দীৰ্ঘদিন ধৰি বৰাক উপত্যকাত চলি থকা অবৈধ কয়লা আৰু বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিব। এখন নতুন এছঅ’পি প্ৰস্তুত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশত দুই দিনীয়া ভ্ৰমণ সূচী লৈ বৰাকত অহা মন্ত্ৰী বিমল বৰা আৰু যোগেন মহানে এইকথা সদৰি কৰিছে। মন্ত্ৰী বিমল বৰাই কয়,এই এছঅপি প্ৰস্তুত কৰাৰ বাবে বৰাক উপত্যকাৰ বিভিন্ন ৰাজনৈতিক দলৰ বিধায়ক, সাংসদ, ব্যৱসায়ী, উদ্যোগী, চাহ বাগিচা, ইটা ভাটাৰ মালিকসকলৰ মতামত লোৱা হৈছে। কালি কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিধায়ক, সাংসদ, উদ্যোগী, চাহ বাগিচা আৰু ইটাভাটাৰ মালিকসকলৰ মতামত গ্ৰহণ কৰাৰ পিছত শনিবাৰে শিলচৰত একেধৰণৰ বৈঠক অনুষ্ঠিত হয়। এই দিনা শিলচৰত সাংসদ, ব্যৱসায়ী, উদ্যোগী, চাহ বাগিচাৰ মালিক আৰু ইটাভাটাৰ মালিক সকলৰ মতামত লোৱা হয়। বিমল বৰাই কয়, মতামত গ্ৰহণৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব৷ইয়াৰ পিছতেই এছঅপি প্ৰস্তুত কৰা হয়। ইফালে, মন্ত্ৰী বিমল বৰাই কয় যে ,বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায়ৰ ফলত বৰাকৰ স্থানীয় চুপাৰিৰ কৃষকে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ এছঅপি প্ৰস্তুত হোৱাৰ পিছত স্থানীয় চুপাৰিৰ মালিকে লাভবান হ’ব বুলি কয় তেওঁ।