নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটা পর্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ ৰঞ্জি ট্রফী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষত বাতিল হোৱা মর্যাদাপূর্ণ ঘৰুৱা ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী এইবাৰ দুটা পর্যায়ত আয়োজন কৰিবলৈ সাজু হৈছে বিচিচিআই৷ ব’ডৰ সচিব জয় শ্বাহে ঘোষণা কৰা অনুসৰি ৰঞ্জি ট্রফীৰ লীগ পর্যায় আই পি এলৰ পূর্বে আৰু নক আউট পর্যায় আই পি এলৰ পিছত অনুষ্ঠিত হ’ব৷

দেশৰ শতাধিক ঘৰুৱা ক্রিকেটাৰ, আম্পায়াৰ, স্ক’ৰাৰ আৰু গ্রাউণ্ড ষ্টাফলৈ বৃহৎ সকাহ কঢ়িয়াই জয় শ্বাহে কয় যে দেশত মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ কিছু হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে ভাৰতৰ সবাতোকৈ গুৰুত্বপূর্ণ ঘৰুৱা ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী আয়োজনৰ চিন্তা–চর্চা কৰিছে৷ ৰঞ্জি ট্রফীক ভাৰতীয় ক্রিকেটৰ মেৰুদণ্ড আখ্যা দি তেওঁ লগতে উল্লেখ কৰে যে আই পি এল আৰু ৰঞ্জি ট্রফী একে সময়তে আয়োজন কৰাটো সম্ভৱ নহয় বাবে ঘৰুৱা ক্রিকেট প্রতিযোগিতাখন দুটা পর্যায়ত খেলোৱা হ’ব৷ আই পি এলৰ পূর্বে লীগ পর্যায়ৰ মেচসমূহ সমাপ্ত কৰি জুনত নক আউট পর্যায়ৰ মেচসমূহ আয়োজনৰ পৰিকল্পনা কৰা হৈছে৷

উল্লেখ্য যে ডিচেম্বৰৰ পৰা দেশত মহামাৰীৰ প্রাদুর্ভাৱ পুনৰ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱাত বিচিচিআয়ে যোৱা ৪ জানুৱাৰীত ৰঞ্জি ট্রফী স্থগিত ৰাখিছিল৷ পূর্ব নির্ধাৰিত সূচী অনুসৰি ঘৰুৱা ক্রিকেট প্রতিযোগিতাখন ২৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ মন কৰিবলগীয়া যে ২০২০ৰ ১৩ মার্চত সৌৰাষ্ট্র আৰু বংগৰ মাজত অনুষ্ঠিত ফাইনেল মেচখনেই ৰঞ্জি ট্রফীৰ অন্তিমখন মেচ আছিল৷ তেতিয়াৰে পৰা ক’ভিডৰ সংক্রমণৰ বাবে বিচিচিআয়ে ঘৰুৱা ক্রিকেট প্রতিযোগিতাখন আয়োজন কৰিব পৰা নাই৷ ৰঞ্জি ট্রফীৰ পৰাই দেশে প্রতিবছৰে প্রতিভাৱান খেলুৱৈৰ সন্ধান লাভ কৰে বুলি কালি টীম ইণ্ডিয়াৰ প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়ে উল্লেখ কৰিছিল৷ ৰঞ্জি ট্রফী অবিহনে ভাৰতীয় ক্রিকেট মেৰুদণ্ডহীন হৈ পৰিব বুলি তেওঁ আশংকা প্রকাশ কৰিছিল৷

You might also like